জোনাই,14 জুন :চিলাপথাৰৰ মধ্য চিচি টঙানি পঞ্চায়তৰ মেৰ দেবেৰা গাঁৱৰ টঙানি নদী (Tongani River)ৰ পাৰত গৰু চৰাবলৈ যোৱা নিৰ্যাতিত তিনি শিশুক নিজাববীয়াকৈ অনুসন্ধান চলাই সোমবাৰে পুৱাৰ ভাগত নিজৰ জিম্মালৈ আনে চিলাপথাৰ আৰক্ষীয়ে ৷ 9 জুনত গৰু চৰাবলৈ যাওতে তিনিওটা শিশুক নিৰ্যাতন চলোৱা দৃশ্য ভাইৰেল হোৱাৰ পাচতে শিশু তিনিটাৰ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷
চিকিৎসালয়ত আৰক্ষীয়ে শাৰীৰিক পৰীক্ষাৰ অন্তত সমগ্ৰ ঘটনাটোৰ বিষয়ে তদন্ত চলোৱাৰ সময়ত আৰক্ষীৰ সন্মুখত এক শিহৰণকাৰী নিৰ্যাতনৰ তথ্য ব্যক্ত কৰে শিশুকেইটাই ৷ গৰু চৰোৱা সময়তে নদীৰ পাৰত থকা নাও লৈ খেলি আছিল তিনিওটা শিশুৱে । গা ধুই খেলি থকা অৱস্থাতে জগত পেগু নামৰ এজন লোকে পাতি ৰখা জালত নাও লাগি ধৰা বুলি কৈ খেদি যায় শিশু তিনিটাক ।