জোনাই,৭জুলাইঃ চিলাপথাৰ আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাপথাৰৰ দাম্বুকত অভিযান চলায় বিলাসী বাহনসহ গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগড সৰবৰাহকাৰীআয়ুব খান আৰু অঞ্জু আহমেদক । অভিযানকালত আৰক্ষীয়ে জব্দ কৰা বাহন খন AS 06S 0495 নম্বৰ এখন বগা ৰঙৰ আই 20 বাহন ।
চিলাপথাৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া - চিলাপথাৰৰ দাম্বুকত
ডিব্ৰুগড়ৰ কুখ্যাত ড্ৰাগছ মাফিয়া আয়ুব খান আৰু অঞ্জু আহমেদক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
ইপিনে কানিসহ আটক কৰি চিলাপথাৰ আৰক্ষীয়ে 287/2020,27 NDPS অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । জব্দ কৰা বিলাসী গাড়ী খনেৰে অঞ্জু আহমেদক হেণ্ড-কাপত আৰু আয়ুব খানক হেণ্ড-কাপ নলগুৱাকৈ আজি জেললৈ প্ৰেৰণ কৰা দৃশ্য দেখি ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
উল্লখযোগ্য যে, দীৰ্ঘদিন ধৰি বৃহত্তৰ চিলাপথাৰ, জোনাই আৰু অৰুণাচলৰ বিভিন্ন ঠাইত ড্ৰাগছ সৰবৰাহ কৰি নৱ প্ৰজন্মৰ একাংশ জীৱন তিল-তিলকৈ ধ্বংসৰ গঢ়াহলৈ ঠেলি দিয়া ড্ৰাগছ মাফিয়াক জেললৈ প্ৰেৰণ কৰা কথা শুনি সচেতন মহলে সন্তষ্টি প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ জগত কোৱঁৰৰ পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ প্ৰদান বিধায়কৰ