অসম

assam

ETV Bharat / state

ধেমাজিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আচৰিত কাণ্ড - ধেমাজিবাসী ক্ষুব্ধ

ধেমাজি জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশেষ আঁচনিত লিখিলে পাকিস্তানৰ নাম । সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়া । নামফলকত ক'লা ৰঙ সানিলে বীৰ লাচিত সেনাই ।

ধেমাজিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আচৰিত কাণ্ড
ধেমাজিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আচৰিত কাণ্ড

By

Published : Nov 10, 2021, 7:12 PM IST

ধেমাজি,১০ নৱেম্বৰ :ধেমাজি জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (PHE) আচৰিত কাণ্ড । চৰকাৰী আঁচনিৰ নামফলক ভুলকৈ লিখি বিপদত ধেমাজিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডল । ধেমাজি গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ৰাজহ গাওঁ বৰদলনি বুঢ়াকুৰীত এটা কোটি টকীয়া পানী যোগান আঁচনি ৰূপায়ণ কৰা হৈছে । চৰকাৰে স্বীকৃতি দিয়া বুঢ়াকুৰী গাঁৱৰ বিপৰীতে ঠিকাদাৰ আৰু একাংশ জনস্বাস্থ্য কাৰিকৰী বিষয়াই মইমতালিভাৱে কোনো ধৰণৰ চৰজমিন তদন্ত নকৰাকৈ উক্ত পানী যোগান আঁচনিৰ ফলকত বুঢ়াকুৰী নামৰ বিপৰীতে পাকিস্তান চুবাপানী লিখি নামফলক আঁৰে ৷

ধেমাজিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আচৰিত কাণ্ড

এই অবিবেচক কাণ্ডক লৈ স্থানীয় ৰাইজৰ লগতে ধেমাজিবাসী ক্ষুব্ধ হৈ উঠাৰ উপৰিও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ইফালে বুধবাৰে ধেমাজি জিলা বীৰ লাচিত সেনাই বিভাগীয় কৰ্তৃপক্ষক চূড়ান্ত সকীয়নি দিয়াৰ লগতে সংগঠনটোৱে নামফলকৰ স্থানত উপস্থিত হয় । বিভিন্ন শ্ল'গানেৰে বিতৰ্কিত নামফলকখনত হাতুৰিৰে প্ৰহাৰ কৰি লণ্ড ভণ্ড কৰাৰ লগতে নামফলকখনত ক'লা ৰঙেৰে মচি পেলায় ৷

বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অবিবেচক কাণ্ডৰ বাবে সৃষ্টি হোৱা এনে অবাঞ্চিত পৰিস্থিতিক লৈ ধেমাজিত ইতিমধ্যেই সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অৱশ্যে পৰিৱৰ্তী সময়ত বিভাগে তেওঁলোকৰ ভুল স্বীকাৰ কৰে ।

লগতে পঢ়ক :তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী

ABOUT THE AUTHOR

...view details