ধেমাজি, 9 ছেপ্তেম্বৰ :আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিব ৷ অসমৰ ৰাইজৰ আবেগক জলাঞ্জলী দি ৰাষ্ট্ৰীয়তাবাদী চৰকাৰখনে অসমৰ সমস্যাক আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব ৷ এই মন্তব্য শিৱ সেনা দলৰ প্ৰমুখ গংগাধৰ দত্তৰ ৷
আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । সমান্তৰালকৈ বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ মাজতো নতুন দল গঠনৰ উকমুকনি তথা ব্যাপক হিচাপ-নিকাচ অব্যাহত থকাৰ সময়ত শিৱ সেনাৰ ধেমাজি জিলা প্ৰমুখ গংগাধৰ দত্তই সম্প্ৰতি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ।
ইফালে, প্ৰমুখ গৰাকীয়ে জনোৱা অনুসৰি,আগন্তুক 2021 চনৰ নিৰ্বাচনত দলটোৱে ধেমাজি জিলাৰ দুটা সমষ্টি ক্ৰমে ধেমাজি আৰু জোনাই সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব। ইতিমধ্যে, নিৰ্বাচনক লৈ দলটোৱে ব্যাপক প্ৰস্তুতি চলোৱা বুলি সদৰী কৰে ৷