অসম

assam

By

Published : Sep 3, 2022, 10:35 PM IST

ETV Bharat / state

তিনি বছৰে বিনা বেতনে সেৱা আগবঢ়োৱা জীৱন হাজৰিকাক বিদায় সম্বৰ্ধনা

তিনি দশক ধৰি বিনা বেতনে সেৱা আগবঢ়োৱা পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জীৱন হাজৰিকাক বিদায় সম্বৰ্ধনা (serving without pay for three years Jeevan Hazarika farewelled)৷

serving without pay for three years Jeevan Hazarika farewelled
তিনি বছৰে ধৰি বিনা বেতনে সেৱা কৰি অহা জীৱন হাজৰিকাক বিদায় সম্বৰ্ধনা

জোনাই, 3 ছেপ্টেম্বৰ: তিনি দশক ধৰি বিনা বেতনে সেৱা আগবঢ়োৱাপশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জীৱন হাজৰিকাক বিদায় সম্বৰ্ধনা জনোৱা হয় (serving without pay for three years Jeevan Hazarika farewelled) ৷ পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জীৱন হাজৰিকাক বিদায় জনোৱাৰ উপলক্ষে আজি বিদ্যালয়ত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ।

তিনি বছৰে ধৰি বিনা বেতনে সেৱা কৰি অহা জীৱন হাজৰিকাক বিদায় সম্বৰ্ধনা

পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোপীৰাম দলেই সভাপতিত্ব কৰা সভাত উপস্থিত থাকি পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নাৰায়ণ পাঠৰীয়ে কয় চৰকাৰী কৰ্মচাৰী সকলে চৰকাৰৰ নীতি-নিয়ম অনুসৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অৱসৰ ল'ব লাগে যদিও দীঘলীয়া সময় ধৰি এটা অনুষ্ঠানত এটা পৰিয়ালৰ দৰে সৈতে গঢ়ি উঠা নিবিড় সমন্ধৰ পৰা বিদায়ৰ মূহুৰ্তত আৱেগিক হ'ব লগা হয় ৷

লগতে তেওঁ কয় যে ডেকাপাম,মিছামৰা অঞ্চলৰ ৰাইজে বহু কষ্ট, ত্যাগ আৰু শ্ৰমৰ বিনিময়ত এইখন শিক্ষানুষ্ঠান গঢ়িছে ৷ প্ৰতিষ্ঠাৰ কালৰে পৰাই অৱসৰী উচ্চ বৰ্গৰ সহায়ক হিচাপে জীৱন হাজৰিকাই তিনি দশক ধৰি বিনা বেতনে সেৱা আগবঢ়াই যোৱাটো সহজ কথা নহয় ৷ যদিও শেষত তেওঁৰ চাকৰি পদ প্ৰাদেশিকৰণ হৈছিল সেয়া মাত্ৰ কম সময়হে উপভোগ কৰিব সুবিধা পালে বুলি বক্তব্যত কয় ৷

বিদায় সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক গৰাকীক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ,সঁফুৰা, ছাতি,ধৰ্মগ্ৰন্থ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জীৱন হাজৰিকাই কয় ১৯৮৯ চনৰ ২৫ অক্টোবৰ তাৰিখে পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত উচ্চ বৰ্গৰ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল ৷ লগতে শিক্ষানুষ্ঠানখনৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে হাজৰিকাই ৷

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীসকল উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক লক্ষ্যনাথ মৰাং,বাবুল কুটুম, বীৰেণ পেগু, মোহন পাইত,বৰ্ণালী মহন্ত, অম্বীকা পেগু উপস্থিত থাকি অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক জীৱন হাজৰিকাৰ কৰ্মজীৱন,দায়িত্ব আৰু কৰ্তব্য পালনৰ ওপৰত আলোকপাত কৰি বক্তব্য দাঙি ধৰে ৷

লগতে পঢ়ক:61 খন পতাকা উত্তোলনেৰে আৰম্ভ মৰাণ মহাবিদ্যালয়ৰ ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

ABOUT THE AUTHOR

...view details