অসম

assam

ETV Bharat / state

লক্ ডাউন : ব্যৱসায় নিম্নগামী ধেমাজিৰ যুৱকৰ ! - lockdown

ধেমাজি জিলাৰ বলাইপাম গাঁৱৰ গৌৰীশঙ্কৰ সোণোৱাল নামৰ যুৱকজনে ভোট জলকীয়াৰ খেতিৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন । কিন্তু বিগত বৰ্ষৰ তুলনাত এইবেলি লক্ ডাউনৰ ফলত ব্যৱসায় নিম্নগামী হোৱা বুলি উল্লেখ কৰে যুৱকজনে ।

self-depending youth facing loss during lockdown
self-depending youth facing loss during lockdown

By

Published : May 12, 2020, 7:41 PM IST

জোনাই, 12 মে':ডেৰ বিঘা মাটিত 1200 জোপা ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বীতাৰ দেখুৱালে ধেমাজি জিলাৰ বলাইপাম গাঁৱৰ গৌৰীশঙ্কৰ সোণোৱাল নামৰ যুৱকজনে । মেট্ৰিকৰ দেওনা পাৰ হোৱা যুৱ খেতিয়ক গৌৰীশঙ্কৰ সোণোৱালে আহিন মাহতে গুটি পচাই নিজা বাৰীৰ ডেৰ বিঘা মাটিত, 25 হাজাৰ টকাৰ মূলধন খটুৱাই পুহ মাহত ৰোপণ কৰে জলকীয়াৰ পুলিখিনি । কৃষি বিভাগৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে, নিজা প্ৰচেষ্টা আৰু পদ্ধতিৰে ভোট জলকীয়াৰ পুলিবোৰৰ যতন ৰাখে ।

ব'হাগ মাহৰ পৰা ক্ৰমান্বয়ে যুৱক জনৰ ফচল উৎপাদন হ'বলৈ আৰম্ভ কৰে । প্ৰথমৱস্থাত 10 টকাত 3টা, তাৰ পিচত 10 টকাত 4টা আৰু শেহতীয়াকৈ এটা জলকীয়াত দুটকা দৰত যুৱকজনে বিক্ৰী কৰিছে জলকীয়াসমূহ । কিন্তু সম্প্ৰতি লক্ ডাউনৰ বাবে একমাত্ৰ জোনাই বজাৰতে ভোট জলকীয়া বিক্ৰী কৰিবলগীয়া হৈছে যুৱ খেতিয়কগৰাকীয়ে ।

লক্ ডাউনৰ প্ৰভাৱত ব্যৱসায় নিম্নগামী ধেমাজিৰ যুৱকৰ

উল্লেখ্য যে, যোৱা তিনি বছৰৰ পৰা ভোট জলকীয়াৰ খেতি কৰি লাভান্বিত হৈ অহা যুৱকগৰাকীৰ উৎপাদিত জলকীয়া, অৰুণাচল প্ৰদেশৰ পাচিঘাট, আলং, ইংকিয়ং আদি ঠাইৰ ব্যৱসায়ীয়ে উচ্চ দৰত ক্ৰয় কৰিছিল । কিন্তু এইবাৰ লক্ ডাউনৰ বাবে নিম্নমুখী হৈছে যুৱকজনৰ ব্যৱসায় । যাৰ বাবে বিগত বছৰসমূহৰ তুলনাত এইবাৰ মালচিং পেপাৰৰ ব্যৱস্থাৰে উন্নত ধৰণে খেতি কৰিছে যদিও, উৎপাদিত জলকীয়াবোৰ জোনাই বজাৰতে কম দৰত বিক্ৰী কৰিবলগীয়া হৈছে ।

লগতে পঢ়কঃ'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '

ABOUT THE AUTHOR

...view details