অসম

assam

By

Published : Apr 20, 2023, 9:02 AM IST

ETV Bharat / state

Imposed Section 144 in Dhemaji: ধেমাজি জিলাত মীন আইন অনুসৰি প্ৰশাসনৰ 144 ধাৰা জাৰি

অসম মীন আইন ১৯৫৩, ২৩ ধাৰা অনুসৰি পহিলা এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে সমগ্ৰ জিলাত ১৪৪ ধাৰা জাৰি কৰিছে ধেমাজি জিলা প্ৰশাসনে ৷ নিৰ্দেশনা অনুসৰি 1 এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৭ ছে:মি বা ১৪ ছে:মিতকৈ কম পাহিৰ বেৰ জাল ,মহাজাল ,ফাঁচিজাল ,বা অন্য কোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ (অসম মীন আইন ,১৯৫৩ ,23ধাৰা ) (Imposed Section 144 in Dhemaji) ৷

Imposed Section 144 in Dhemaji
মীন আইন অনুসৰি প্ৰশাসনৰ 144 ধাৰা জাৰি

ধেমাজিত মীন আইন অনুসৰি প্ৰশাসনৰ 144 ধাৰা জাৰি

ধেমাজি, 20 এপ্ৰিল: বিহুৰ বতৰৰ সুযোগ লৈ যাতে কোনো অসাধু ব্যৱসায়ীয়ে মাছৰ প্ৰজনন ঋতুৰ সময়ত বজাৰত থলুৱা গাভিনী মাছ বিক্ৰী আৰু জলাশয় , বিল ,নদীত মাছ মাৰিব নোৱাৰে তাৰ বাবে অসম মীন আইন ১৯৫৩, ২৩ ধাৰা অনুসৰি পহিলা এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে সমগ্ৰ জিলাত ১৪৪ ধাৰা জাৰি কৰিছে ধেমাজি জিলা প্ৰশাসনে ৷ এই ক্ষেত্ৰত আগতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা মীন বিভাগে (Imposed Section 144 in Dhemaji) ৷

প্ৰতিখন বজাৰ ,মীন মহলৰ ব্যৱসায়ীক সজাগতা সৃষ্টি কৰি সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে ৷ নিৰ্দেশনা অনুসৰি 1 এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৭ ছে:মি বা ১৪ ছে:মিতকৈ কম পাহিৰ বেৰ জাল ,মহাজাল ,ফাঁচিজাল ,বা অন্য কোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ (অসম মীন আইন ,১৯৫৩ ,23ধাৰা ) ৷ সেইদৰে এই সময়ছোৱাত কোনো নদী , ডোবা , বিল বা মীন মহলত ৭ ছে:মিতকৈ সৰু ফাঁকৰ অস্থাৱৰ বানেৰে মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সজুঁলি নিষেধ (Section 144 Imposed In Dhemaji Under Fisheri Act) ৷

এক আগষ্টৰ পৰা ৩১ অক্টোবৰলৈ ৰৌ , বাহু , মিৰিকা , চিতল ,খৰিয়া , পিঠিয়া , ঘৰীয়া আদি মাছৰ ২৩ ছে:মি দৈৰ্ঘ্যতকৈ তলৰ আৰু মালি ,কুঢ়ি ,ভাঙন মাছৰ ১০ ছে:মিতকৈ তলৰ সৰু মাছ খোৱা বা বিক্ৰীৰ বাবে ধৰিব অথবা মাৰিব নোৱাৰিব ৷ সৰু মাছৰ ক্ষেত্ৰত উক্ত বাধা-নিষেধ মীন বিভাগৰ অনুমতি সাপেক্ষে কেৱল মীন পালনৰ বাবে শিথিলকৰণ হ’ব পাৰে ৷

এক ছে:মিত অথবা দুই ছে:মিতকৈ কম পাহিৰ আঠুৱা জাল গোটেই বছৰ জুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ ৷ তদুপৰি অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন অবিহনে মাছৰ পোনা উৎপাদন , বিক্ৰীৰ লগতে যোগান আদিৰ ওপৰত মীন পোনা আইন , ২০০৫ অনুসৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ ইফালে মীন আইন ভংগকাৰীৰ বিৰুদ্ধে ধেমাজি মীন বিভাগ তথা জিলা প্ৰশাসনে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে জিলা মীন উন্নয়ন বিষয়া দিপাংকৰ শইকীয়াই ৷ এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ জিলাখনৰ দল-সংগঠন, স্বেচ্ছাসেৱী সংগঠন , সচেতন নাগৰিকৰ সহযোগিতা বিচাৰিছে ধেমাজি জিলা মীন বিভাগে ৷

লগতে পঢ়ক:Poultry firm set on fire: লখিমপুৰত দুৰ্বৃত্তই জ্বলাই দিলে বৃহৎ কুকুৰাৰ ফাৰ্ম

ABOUT THE AUTHOR

...view details