অসম

assam

ETV Bharat / state

Mising Olympics : জোনাইত মিচিং অলিম্পিকৰ দ্বিতীয়টো দিন - Mising Olympics held in Jonai

জোনাইত অনুষ্ঠিত মিচিং অলিম্পিকৰ দ্বিতীয়টো দিন । মিচিং অলিম্পিকত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলৰ লগতে পৰম্পৰাগত মিচিং জনগোষ্ঠীয় খেলৰ সংযোজন । দ্বিতীয়টো দিনত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল ।

Second day of the Mising Olympics in Jonai
জোনাইত মিচিং অলিম্পিকৰ দ্বিতীয়টো দিন

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:24 PM IST

জোনাইত মিচিং অলিম্পিকৰ দ্বিতীয়টো দিন

জোনাই,২৬ অক্টোবৰ: ৰাজ্যত গঢ় লৈ উঠিছে ক্ৰীড়াৰ এক পৰিৱেশ । অসমৰ খেলুৱৈ জিলিকি উঠিছে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত । চুকে-কোনে যুৱক-যুৱতী আকৰ্ষিত হৈছে ক্ৰীড়াৰ প্ৰতি । ইয়াৰ মাজতে জোনাইত বুধবাৰৰ পৰা আৰম্ভ হৈছে মিচিং অলিম্পিকৰ । মিচিং সমাজৰ পৰা একোজন সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা মিচিং অলিম্পিকৰ আজি দ্বিতীয়টো দিন ।

মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰখনত সহায় হোৱাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK য়ে । ১৬ আৰু ১৯ বছৰৰ অনুৰ্ধ্বৰ যুৱক-যুৱতীয়ে নিজৰ ক্ৰীড়া প্ৰতিভাসমূহ প্ৰদৰ্শন কৰি মিচিং অলিম্পিকৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জাতিটোৰ লগতে নিজৰ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ উদেশ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে ।

বুধবাৰৰ পৰা শুভাৰম্ভ হোৱা মিচিং অলিম্পিকৰ দ্বিতীয়টো দিনত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, নাহৰ চিলে গাৱঁৰ আৰ কে পাতাঙত (পুখুৰীত) ৫০ মিটাৰ সাঁতোৰৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে মিচিং অলিম্পিক ।

উল্লেখ্য যে, বুধবাৰে শুভাৰম্ভ কৰা হয় মিচিং অলিম্পিকৰ । উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ তথা এথলীট হিমা দাস, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেবিনেট মন্ত্ৰী বিমল বড়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আদি । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মিচিং অলিম্পিকত প্ৰথম স্থান লাভ কৰা খেলুৱৈক নগদ ১ লাখ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Mising Olympics : জোনাইৰ পবা খেলপথাৰত আৰম্ভ মিচিং অলিম্পিক

ABOUT THE AUTHOR

...view details