অসম

assam

ETV Bharat / state

SDRFৰ সফল অভিযান: চিয়াং নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী নাও উদ্ধাৰ

জোনাইত চিয়াং নদীৰ বুকুত নিশা ৰোগীসহ আৱদ্ধ যন্ত্ৰচালিত নাও (Boat stuck in Chiang River in Jonai)। পুৱতি নিশা এছডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম নাওখন । সুৰক্ষিতভাৱে উদ্ধাৰ যাত্ৰীকেইজন । ৰোগীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

By

Published : Jun 22, 2022, 5:06 PM IST

SDRF
চিয়াং নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী নাও উদ্ধাৰ

জোনাই,২২ জুন :ৰাজ্যৰ চৌদিশে এতিয়া বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে (Flood situation in Assam)। বানত বিধ্বস্ত হৈছে বাট-পথ । জলবন্দী ৰাজ্যৰ কেইবা লাখ লোক । ইয়াৰ মাজতে ধেমাজিৰ জোনাইত সংঘটিত হ'ল এক অঘটন ।

জোনাইৰ চিয়াং নদীৰ মাজত আৱদ্ধ হৈ পৰে এখন নাও (Boat stuck in Chiang River in Jonai)। নাওখনত এগৰাকী ৰোগীসহ চাৰিগৰাকী লোক আছিল । নিশা আৱদ্ধ হৈ পৰা নাওখন এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Stranded boat rescued by SDRF in Jonai)।

SDRFৰ সফল অভিযান: চিয়াং নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী নাও উদ্ধাৰ

জানিব পৰা মতে জোনাই মহকুমাৰ অন্তৰ্গত মুনমুনি চাপৰি কুটুম গাঁৱৰ পৰা মঙলবাৰে নিশা প্রায় ১১ বজাত দুর্গা পেগু নামৰ এগৰাকী গুৰুত্বভাৱে অসুস্থ ৰোগীক চিকিৎসাৰ বাবে জোনাইলৈ বুলি চিয়াং নদীৰ বুকুৱেদি এখন সৰু যন্ত্ৰচালিত নাৱেৰে লৈ অহা হৈছিল । ৰোগীসহ চাৰিগৰাকী যাত্রী আছিল নাওখনত । যাত্ৰীসকলৰ ভিতৰত এগৰাকী মহিলাও আছিল । নিশা কিছু দূৰ আহি চিয়াং নদীৰ মাজত আন্ধাৰ আৰু ঘন কুঁৱলিৰ বাবে দিশহাৰা হৈ পৰে নাওখন আৰু নৈৰ মাজতে আৱদ্ধ হৈ পৰে ।

আৱদ্ধ লোককেইজনে কোনোমতে জোনাই এছডিআৰএফক খবৰ দিয়াত উদ্ধাৰকাৰী দলটো নিশাই সেই স্থানত উপস্থিত হয় । চিয়াং নদীৰ বুকুত দুঃসাহসেৰে অভিযান চলাই পুৱতি নিশা প্ৰায় ২.৩০ বজাত আৱদ্ধ লোককেইজনক উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে । লোক কেইজনক উদ্ধাৰ কৰি পুৱা জোনাইৰ ভোলাঘাটৰ পাৰলৈ লৈ আহে ।

লগতে পঢ়ক :চতিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী পকী দলংত বৃহৎ ফাঁট

ABOUT THE AUTHOR

...view details