অসম

assam

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:28 AM IST

Updated : Nov 15, 2023, 7:47 AM IST

ETV Bharat / state

Children Day 2023: শিশু দিৱস উপলক্ষে বিজ্ঞান আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতা

ধেমাজি জিলাৰ চিলাপথাৰ ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

Etv BharatChildren Day 2023
Etv Bharatশিশু দিৱস উপলক্ষে বিজ্ঞান আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতা

শিশু দিৱস উপলক্ষে বিজ্ঞান আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতা

জোনাই, 15 নৱেম্বৰ: মঙলবাৰে দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছিল শিশু দিৱস ৷ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ জন্মদিনটোত পালন কৰা হয় শিশু দিৱস ৷ ধেমাজি জিলাৰ চিলাপথাৰ ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰ্হি প্ৰদৰ্শন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ এই প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা বিজ্ঞান আৰ্হি মূল্যায়ন কৰে অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ দেৱ আৰু শিক্ষক ডম্বৰু দিহিঙীয়াই ৷

ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ প্ৰধান শিক্ষক মেঘনাথ টায়েই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ 9 নং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে ৷ টায়ে লগতে কয় যে, প্ৰতি বছৰৰ 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। 14 নৱেম্বৰৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয়।

শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক নেহৰু চাচা বুলি কয়। তেখেতৰ শিশুসকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্মদিনটো অৰ্থাৎ 14 নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে । তেওঁ শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰিছিল।

জৱাহৰলাল নেহৰুৱে কৈছিল যে, আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। ইয়াৰ উপৰিও অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ দেৱ, শিক্ষক ডম্বৰু দিহিঙীয়াই বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷

ইয়াৰ পিচতে শিশু দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানত বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি দিলীপ দ’লে, উপ সভাপতি যোগেন য়েইন, শিক্ষক মনোৰঞ্জন দেউৰী, ঘনশ্যাম চাংমাই, বেনু উপাধ্যায়, নবীন চন্দ্ৰ টায়ে, শিক্ষয়িত্ৰী জ্যোতিকা শইকীয়া, চন্দ্ৰশ্ৰী বুঢ়াগোহাঁইৰ লগতে বহু গণ্য মান্য লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:Amrit kaal vimarsh: অসম ডনবস্ক' বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শ শীৰ্ষক কাৰ্যসূচী

Last Updated : Nov 15, 2023, 7:47 AM IST

ABOUT THE AUTHOR

...view details