অসম

assam

ETV Bharat / state

জোনাইত গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালা - ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

জোনাইত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে ধেমাজি জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয় (Guide Teacher Training Workshop)৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞানৰ জিলা সমন্বয়ক পদ্ম কুমাৰ পাংগিঙে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে ধেমাজি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান শৈক্ষিক সমিতিৰ সভাপতি মেঘনাথ টায়েই ৷

Guide Teacher Training Workshop of Dhemaji Committee held in Jonai
জোনাইত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ধেমাজি সমিতিৰ গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

By

Published : Sep 4, 2022, 9:47 AM IST

জোনাই, 4 চেপ্টেম্বৰ: জোনাই মূৰ্কংচেলেক টাউন হাই স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (Childrens Science Conference) ৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উপলক্ষে ধেমাজি জিলাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয় ৷

ৰাষ্ট্ৰীয় শিশু বিজ্ঞানৰ জিলা সমন্বয়ক পদ্ম কুমাৰ পাংগিঙে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে ধেমাজি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান শৈক্ষিক সমিতিৰ সভাপতি মেঘনাথ টায়েই (Guide Teacher Training Workshop)৷ আনহাতে, মূৰ্কংচেলেক টাউন হাই স্কুলৰ সহকাৰী প্ৰধান শিক্ষক পদ্মধৰ দলেয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশলাত উদ্বোধনী ভাষণ আগবঢ়ায় ৷ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা প্ৰকৃতি প্ৰেমী নেচাৰ্চ বেকনৰ সক্ৰিয় কৰ্মী তথা শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালা ৷

জোনাইত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ধেমাজি সমিতিৰ গাইড শিক্ষক প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

প্ৰকৃতি প্ৰেমীকগৰাকীয়ে কয়, শিশু বিজ্ঞানীসকল দেশৰ এক বৌদ্ধিক সমল । এনে অনুষ্ঠানে শিশু বিজ্ঞানীসকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰাৰ লগতে আগ্ৰহ বৃদ্ধি কৰিব ৷ এইসকল শিশু বিজ্ঞানীৰ মাজৰ পৰাই বিখ্যাত বিজ্ঞানী ওলোৱাৰ পথ প্ৰসস্ত হ’ব । ইয়াৰ বাবে একাগ্ৰতা আৰু নিষ্ঠাৰ দৰকাৰ । বিশ্বখন যি সময়ত এখন গ্লোবেল ভিলেজলৈ পৰ্যবসিত হৈছে সেই সময়ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দক্ষতা বৃদ্ধি কৰি যোগ্য কৰি তুলিব লাগিব ।

শিক্ষক প্ৰশিক্ষণ কৰ্মশলাত একাডেমিক সমন্বয়ক অমিয় বৰুৱা, সমল ব্যক্তি হেমপ্ৰভা শ্ৰেষ্টা, সমল ব্যক্তি কৈলাশ সিং, প্ৰণৱ দলে, বিজয় লাগাছু মূৰ্কংচেলেক টাউন হাইস্কুলৰ সহকাৰী শিক্ষক উপেন পেগুৰ লগতে মহকুমাটোৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই শতাধিক শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details