জোনাই, 25 মাৰ্চ : জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ এক কৰুণ প্ৰতিচ্ছবি ৷ ছাত্ৰ-ছাত্ৰী নথকাৰ বাবেই বন্ধ হৈ পৰিল কবু চাপৰি প্ৰাথমিক বিদ্যালয় ৷ জোনাই মহকুমাৰ অন্তৰ্গত তথা বানে গৰকা নদীদ্বীপ কবু চাপৰিত ১৯৭১ চনতে স্থাপন কৰা হৈছিল এইখন প্ৰাথমিক বিদ্যালয় ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বিদ্যালয়খনত এতিয়া চিৰদিনৰ বাবে ওলমিল তলা (School closed due to lack of students at Jonai) ৷
ইফালে কবু চাপৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মুঠ ৮ গৰাকী শিক্ষকক বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে অন্য বিদ্যালয়লৈ বদলি কৰিছে ৷ সেয়েহে শিক্ষককেইগৰাকীয়ে নিজৰ মৰমৰ বিদ্যালয়খনৰ পৰা বিদায় লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ পৰাও ললে বিদায় ৷