অসম

assam

ETV Bharat / state

TMC Protest: "সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানত প্ৰশাসনৰ বাধা

ইটোৰ পিচত সিটো বিতৰ্কত সোমাই পৰিছে সোৱণশিৰি নদীবান্ধ প্ৰকল্প ৷ অসম তৃণমূল কংগ্ৰেছে দুদিনীয়া কাৰ্যসূচীৰে বিশেষ কাৰ্যসূচী "সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানৰ শুভাৰম্ভ কৰে ৷

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:19 PM IST

Save Sobanshiri Save Assam abhiyan by tmc
"সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানত প্ৰশাসনৰ বাধা

"সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানত প্ৰশাসনৰ বাধা

গুৱাহাটী, ২ নৱেম্বৰ:অসম তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱা অসম তৃণমূল যুৱ কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী "সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ সোৱণশিৰি নদীবান্ধৰ ভয়াবহতা সম্পৰ্কে ৰাজ্যবাসীক সজাগ কৰিবলৈ আজি পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম তৃণমূল যুৱ কংগ্ৰেছে এই অভিযান আৰম্ভ কৰিছে ৷

কিন্তু আৰম্ভনীতেই কেনা লগালে প্ৰশাসনে ৷ এই অভিযানৰ অংশস্বৰূপে অসম তৃণমূল যুৱ কংগ্ৰেছৰ এটা প্রতিনিধি দলে গুৱাহাটীৰ পৰা ধেমাজিৰ গেৰুকামুখলৈ মটৰ চাইকেলেৰে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু আজি পুৱা ৮ বজাত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিনিধি দলটোৱে যাত্ৰা আৰম্ভ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে।

পৰৱৰ্তী সময়ত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই ঘটনাক ধিক্কাৰ দিয়াৰ লগতে নদী বান্ধৰ বিৰুদ্ধে পুনৰ সৰৱ হয় । সভাপতিগৰাকীয়ে কয়, "বিজেপি চৰকাৰৰ বাবে গণতন্ত্র আৰু আমাৰ গণতান্ত্রিক অধিকাৰক নস্যাৎ কৰা তেনেই সাধাৰণ কথা। বিজেপি চৰকাৰ শংকিত। মাত্ৰ এটা সাধাৰণ সজাগতা ৰেলীক প্ৰতিহত কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে। গণতান্ত্রিক আন্দোলনত আৰক্ষীৰ বাধা গণতন্ত্ৰৰ পৰিপন্থী। বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিয়েই আজিৰ বিজেপি চৰকাৰ শাসনলৈ আহিল। কিন্তু শাসনত অহাৰ লগে লগেই সেই বিজেপি চৰকাৰেই নদীবান্ধৰ সপক্ষে থিয় দিলে।"

"পূর্বতে নদীবান্ধৰ বিৰোধিতা কৰি গেৰুকামুখত প্ৰতিবাদ কৰা বিজেপি এতিয়া নিমাত কিয়? কিয় নিমাত-নিৰ্বিকাৰ হিমন্ত বিশ্ব শর্মা? নদীবান্ধৰ ফলতেই আজি সোৱণশিৰিৰ বুকু উদং হৈ শুকাই গৈছে ৷ নৈপৰীয়া ৰাইজ আৰু সমগ্ৰ জীৱকূলৰ বাবে এয়া ভয়ানক বিপদৰ সংকেত। কিন্তু এইবোৰ ঘটনাৰ বিষয়ে আজিলৈকে নিৰ্বিকাৰ ভূমিকা পালন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে হিমন্ত বিশ্ব চৰকাৰেও । আমাৰ দাবী, নদীবান্ধ বন্ধ কৰক অন্যথা বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ আখৰে আখৰে পালন কৰক। নৈপৰীয়া ৰাইজৰ জীৱন আৰু নদীত বাস কৰা জীৱকূলক সংকটমুক্ত কৰক।" চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি বৰাই উল্লেখ কৰে ৷

উল্লেখ্য যে, উক্ত মটৰ চাইকেল যাত্রাকালত কৰ্মীসকলে অসমৰ বিভিন্ন অঞ্চলৰ মাজেৰে গৈ সাধাৰণ জনগণক সোৱণশিৰি নদীবান্ধৰ ভয়াবহতা আৰু সোৱণশিৰিৰ পুতৌজনক অৱস্থাৰ বিষয়ে সজাগ কৰাৰ সংকল্প লৈছিল।

লগতে পঢ়ক:Drugs seized: ২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details