অসম

assam

By

Published : Nov 24, 2020, 8:04 PM IST

ETV Bharat / state

পবা বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে ছেভ পবা ৰেইন ফৰেষ্টৰ বিশেষ পদক্ষেপ

বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী চিকাৰে সম্প্ৰতি ভাবুকি কঢ়িয়াই আনিছে পবা সংৰক্ষিত বনাঞ্চলৰ ওপৰত ৷ যাৰ বাবে ‘ছেভ পবা ৰেইন ফৰেষ্ট এণ্ড নেচাৰ্চ বেকন’ নামৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী সংস্থাটোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কৰিবলৈ ‘ছেভ পবা ৰেইন ফৰেষ্ট এণ্ড নেচাৰ্চ বেকন’ৰ উদ্যোগত আৰম্ভ কৰা হৈছে জংঘল ট্ৰেকিং ৷

as_jonai_Save_Poba_rain_Forset_trekking_vis_as10072
পবা বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে ছেভ পবা ৰেইন ফৰেষ্টৰ বিশেষ পদক্ষেপ

জোনাই, 24 নৱেম্বৰঃ প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক অন্য পৃথিৱী বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল ৷ জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবাক জনা যায় জোনাই অঞ্চলৰ আয়ুস ৰেখাৰূপে ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চল কেৱল জীৱ-জন্তুৰ বাবে নিৰাপদ আশ্ৰয় স্থল হোৱাই নহয় সাধাৰণ ৰাইজৰ বাবেও পবা সংৰক্ষিত বনাঞ্চল হৈছে আশীৰ্বদ স্বৰূপ ৷ বছৰ বছৰ ধৰি চিয়াং-লালী নদীৰ খহনীয়াৰ পৰাও পবা বনাঞ্চলে সুৰক্ষা প্ৰদান আহিছে জোনাইবাসী ৰাইজক ৷

পবা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে ছেভ পবা ৰেইন ফৰেষ্টৰ বিশেষ পদক্ষেপ

কিন্তু বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী চিকাৰে সম্প্ৰতি ভাবুকি কঢ়িয়াই আনিছে পবা সংৰক্ষিত বনাঞ্চলৰ ওপৰত ৷ যাৰ বাবে ‘ছেভ পবা ৰেইন ফৰেষ্ট এণ্ড নেচাৰ্চ বেকন’ নামৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী সংস্থাটোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সাধাৰণ ৰাইজৰক সজাগতা সৃষ্টিৰ কৰিবলৈ ‘ছেভ পবা ৰেইন ফৰেষ্ট এণ্ড নেচাৰ্চ বেকন’ৰ উদ্যোগত আৰম্ভ কৰা হৈছে জংঘল ট্ৰেকিং ৷ কৃতিকৰ্মীসকলে প্ৰথমে পবা সংৰক্ষিত বনাঞ্চলৰ তিনি মাইল বীটত পৰা আৰম্ভ কৰি পবা বনাঞ্চলৰ পাঁচ মাইল হৈ 12 মাইলপথ, সাতমাইলৰ আৰ্দ্ৰভূমি আৰু পবামুখত ট্ৰেকিং কৰে।

পবা বৰ্ষাৰণ্য

এই ট্ৰেকিঙৰ নেতৃত্ব প্ৰদান কৰে ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে ৷ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাত চৰকাৰ আৰু বন বিভাগৰ লগতে দাঁতিকাষৰীয়া ৰাইজৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰে পেগুৱে ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবেও আহ্বান সংগঠনটোৰ ৷

লগতে পঢ়ক-মানাহ ৰাষ্ট্ৰীয় উদ্যান অসম,ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান ভূটানলৈ ‘TX2 Conservation Excellence’ বঁটা

ABOUT THE AUTHOR

...view details