অসম

assam

By

Published : May 26, 2022, 12:55 PM IST

ETV Bharat / state

10 জুনত চিমেন চাপৰিত আছুৰ ছাত্র সংহতি দিৱস

চিমেন চাপৰিত 10 জুনত অনুষ্ঠিত হ'ব ছাত্ৰ সংহতি দিৱস(Sanghati divas to be observed at simen chapari) ৷ সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰ পৰাই পালন কৰি অহা ছাত্ৰ সংহতি দিৱস এইবাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাই মহকুমা ছাত্ৰ সন্থা, চিমেন চাপৰি ছাত্ৰ সন্থাৰ সহযোগত চিমেন চাপৰিত উদযাপন কৰা হ’ব ৷

sanghati-divas-to-be-observed-at-simen-chapari-by-aasu
আছুৰ ছাত্র সংহতি দিৱস

জোনাই, 26 মে’ :১০ জুনত চিমেন চাপৰিত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস(Sanghati divas to be observed at simen chapari) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাই মহকুমা ছাত্ৰ সন্থা, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বুধবাৰে চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগণত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ৷

সভাত উপস্থিত থাকি আছুৰ সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰ পৰাই পালন কৰি অহা ছাত্ৰ সংহতি দিৱস এইবাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাই মহকুমা ছাত্ৰ সন্থা, চিমেন চাপৰি ছাত্ৰ সন্থাৰ সহযোগত চিমেন চাপৰিত উদযাপন কৰা হ’ব ৷

ছাত্ৰ সংহতি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে, আছুৰ নেতৃত্বত একৈশ দফীয়া দাবীৰ সমৰ্থনত অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিবলৈ যি আন্দোলন গঢ়ি তোলা হৈছিল, সেই আন্দোলনত মৰিগাঁও জিলাৰ ভূৰবন্ধা হাইস্কুলৰ ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াই চৰকাৰৰ আৰক্ষী বাহিনীৰ হাতত মৃত্যুবৰণ কৰিবলগা হৈছিল ৷

১৯৭৪ চনৰ ১০ জুনত সংঘটিত হোৱা ঘটনাৰ পাছৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে ১০ জুনত ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে ৷ সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, সাধাৰণ সম্পাদক নয়নজ্যোতি বৰুৱা, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ উপস্থিত থকা ৰাজহুৱা সভাতেই ছাত্ৰ সংহতি দিৱস উদযাপন উপলক্ষে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷

মূল সমিতিৰ লগতে আন কেইবাখনো উপ সমিতি এই সভাতে গঠন কৰা হয় ৷ অভ্যৰ্থনা সমিতিত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, প্ৰকাশ দাস, উদ্দীপজ্যোতি গগৈ, দীপাংক নাথ, শংকৰজ্যোতি বৰুৱা, জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য আদিৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷

লগতে চাওক:নতুন দিল্লীত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details