অসম

assam

By

Published : Jun 8, 2020, 9:49 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ধেমাজিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

অখিল গগৈ আৰু আন সতীৰ্থ সকলক মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে মানব শৃংখল গঠন কৰি সাৱ্যস্ত কৰিলে প্ৰতিবাদ ৷ কা বিৰোধী আন্দোলনৰ সময়ত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আজিৰ পৰা 180 দিন পূৰ্বেই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক ।

অখিল গগৈৰ মুক্তিৰ দাবীত ধেমাজিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত ধেমাজিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ধেমাজি, 8 জুনঃ কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ আৰু আন সতীৰ্থ সকলক মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে মানব শৃংখলৰে সাৱ্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰ লগতে অখিল গগৈ জিন্দাবাদ, বিতু সোনোৱাল জিন্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

অখিল গগৈৰ মুক্তিৰ দাবীত ধেমাজিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ সময়ত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আজিৰ পৰা 180 দিন পূৰ্বেই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক । অখিল গগৈৰ পিচতে গ্ৰেপ্তাৰ কৰিলে তেওঁৰ সতীৰ্থ ধয’ কোৱৰ , বিটু সোণোৱাল , মানস কোৱৰঁক ।

ABOUT THE AUTHOR

...view details