ধেমাজি,22 এপ্ৰিল :বুধবাৰে ক'ভিডৰ ভয়াৱহতাৰ মাজতে ধেমাজিত উদযাপন কৰিলে সতী সাধনী দিৱস ৷ আনুষ্ঠানিকতা ৰক্ষা কৰি চিচিবৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ আৰু মহিলা সন্মিলনীৰ উদ্যোগত অনুষ্টূপীয়াকৈ চিচিবৰগাঁৱত উদযাপন কৰিলে সতী সাধনী দিৱস ৷ চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ পবিত্ৰ মৃত্যু তিথিটো প্ৰতি বছৰে সতী সাধনী দিৱস হিচাপে উদযাপন কৰা হয় যদিও যোৱা বেলি আৰু এইবেলি অনুষ্টূপীয়াকৈ উদযাপন কৰিবলগীয়া হ'ল ৷
ক'ভিড প্ৰট'কল মানি ধেমাজিত অনুষ্ঠিত হ'ল সতী সাধনী দিৱস - সতী সাধনী দিৱস
চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ পবিত্ৰ মৃত্যু তিথিটো প্ৰতি বছৰে সতী সাধনী দিৱস হিচাপে উদযাপন কৰা হয় যদিও এইবেলিও ক'ভিডৰ মহামাৰীৰ ভয়াবহতাৰ বাবে অনুষ্টূপীয়াকৈ উদযাপন কৰিবলগীয়া হ'ল দিৱসটি ৷
সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা এই দিৱসটিত ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্টিত কৰা হয় ৷ আবেলিলৈ প্ৰাক্তন ছাত্ৰ নেতা গিৰিণ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট শিক্ষাবিদ বুধিন্দ্ৰ বৰুৱা, পূৰ্ণ চন্দ্ৰ চুতীয়াই বীৰাংগনাগৰাকীৰ মহান অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ ইফালে, মহামাৰীৰ বাবে সন্ধিয়ালৈ অনুষ্ঠিত হ'বলগীয়া সকলো অনুষ্ঠান বাতিল কৰে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক: আনুষ্ঠানিকতা ৰক্ষা কৰি মৰাণত উদযাপন সতী সাধনী দিৱস