ধেমাজি, 19 ফেব্ৰুৱাৰী: দেওবাৰে বিয়লি ধেমাজিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union minister Sarbananda Sonowal) ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অন্তৰংগ আলাপ অনুষ্ঠানত মহাবিদ্যালয়খনৰ লগতে ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Sarbananda Sonowal attended program at DCC) ৷
অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ সদব্যৱহাৰ কৰি প্ৰতিটো দিনেই কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয়, "পঢ়াৰ সময়চোৱা হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সোণোৱালী সময় ৷ এইটো সময়তেই ব্যক্তিত্ব নিৰ্মাণ কৰিব পাৰি, মন শৰীৰ আৰু আত্মা একাকাৰ হৈ থাকিলে সফল হ’ব পাৰিব নিজৰ লক্ষ্যত ৷ তাৰ বাবে কষ্ট কৰিব লাগিব ৷ কষ্ট কৰি ব্যক্তিত্ব উজ্জ্বল কৰিব লাগিব ৷ এই ব্যক্তিত্বই সমাজক পোহৰ দিব, দেশক পোহৰ দিব, বিশ্বক পোহৰ দিব ৷ গতিকে সেই দৃষ্টিভংগীৰে শিক্ষাগ্ৰহণ কৰাৰ বাবে কেইটামান চৰ্ত মানি চলিব লাগিব ৷"
কিন্তু এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰি কয় যে তেওঁৰ জীৱনত সেইবিলাক কথা সঠিক নহ’ল ৷ কিন্তু আজিৰ ছাত্ৰ-ছাত্ৰীসকলে এইটো কৰিব পাৰিব আৰু এই ক্ষেত্ৰত তেওঁ দৃঢ় বুলিও মত প্ৰকাশ কৰে ৷ লগতে ধেমাজিৰ সৌন্দৰ্যতা আৰু বাৰেৰহণীয়া সাংস্কৃতিক বৰপথাৰখনৰ বিষয়ে, কৃষি বিষয়ে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে অৱগত কৰে ৷