ধেমাজি, 18 জানুৱাৰীঃ এইবাৰ নামঘৰৰ মজিয়াত ‘কা’ বিৰোধী প্ৰতিবাদ। ধেমাজি জিলাৰ শিৰিপাণি নিলখ তৰাণিপথাৰ গাঁৱৰ নামঘৰত প্ৰতিবাদ ৰাইজৰ। জাতিধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কমিটিয়ে কোনো স্থিতি স্পষ্ট নকৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মূল সংঘৰ পৰা পদত্যাগ গ্ৰহণ কৰে উদয় সংঘ প্ৰাথমিক শাখাই ৷ প্ৰথমে সমজুৱা প্ৰাৰ্থনা তাৰ পাচতেই ৰাজহুৱা সিদ্ধান্তৰে এই প্ৰস্তাৱ গ্ৰহণ কৰে ৰাইজে।
নামঘৰৰ মজিয়াত ‘কা’ বিৰোধী প্ৰতিবাদ ! - শ্ৰীমন্ত শংকৰদেৱ মূল সংঘৰ পৰা পদত্যাগ উদয় সংঘৰ
ৰাজ্যত অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ ৷ ধেমাজি শিৰিপাণিতো 'কা' বিৰোধিতাৰে শ্ৰীমন্ত শংকৰদেৱ মূল সংঘৰ পৰা পদত্যাগ উদয় সংঘ প্ৰাথমিক শাখাৰ ।
নামঘৰৰ মজিয়াত ‘কা’ বিৰোধী প্ৰতিবাদ
জোনাই জিলাৰ শাখাৰ চিচি আঞ্চলিক শিৰোমণি শাখাৰ অন্তৰ্গত হৈছে উদয় সংঘৰ প্ৰাথমিক শাখা ৷ এই শাখাৰ দাবী হৈছে জাতিৰ সংকটৰ সময়ত শংকৰদেৱ মূল সংঘই নিজৰ স্থিতি স্পষ্ট নকৰা পৰ্যন্ত মূল সংঘৰ পৰা আঁতৰি থাকিব। শাখাটোৰ অন্তৰ্গত 25 টা পৰিয়ালে মূল সংঘৰ পৰা পদত্যাগ কৰিছে ।
- লগতে চাওক- চানমাৰিত আছুৰ ‘‘বজ্ৰ গৰ্জন’’