অসম

assam

By

Published : Nov 12, 2019, 7:01 PM IST

Updated : Nov 12, 2019, 8:00 PM IST

ETV Bharat / state

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে

মি: ইউনিভাৰ্ছ, ২০১৯ ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে ৷ তেওঁ ধেমাজিৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা বকুল পাল আৰু পুতুল পালৰ পুত্ৰ ।

সমীৰ পাল

ধেমাজি, ১১ নৱেম্বৰ :অহা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পট্টায়াত অনুষ্ঠিত হ'বলগীয়া মি: ইউনিভাৰ্ছ, ২০১৯ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে ধেমাজিৰ এগৰাকী উদ্যমী শৰীৰ চৰ্চাবিদ সমীৰ পাল তথা মনজিৎ পাল ৷ ১৯৯৪ চনৰে পৰা ধাৰাবাহিকভাৱে শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ সৈতে জড়িত সমীৰ পালে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰি ৰাজস্থান, দিল্লী, মুম্বাই আদিতো এই কলা প্ৰদৰ্শন কৰি প্ৰশংসিত হৈ আহিছে । তেওঁ ধেমাজিৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা বকুল পাল আৰু পুতুল পালৰ পুত্ৰ ।

এই সম্পৰ্কত শৰীৰ চৰ্চাবিদগৰাকীয়ে কয় যে, সৰ্ব সাধাৰণৰ চকুত নপৰা এই ক্ৰীড়াৰ জৰিয়তে সফলতা লাভ কৰিবলৈ যথেষ্ঠ কষ্ট তথা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় । ইয়াৰ বাবে প্ৰয়োজন যথেষ্ট অৰ্থৰ ৷ ১৯৯৪ বৰ্ষত ধেমাজিৰ দৰে ঠাইত শৰীৰ চৰ্চাৰ বাবে কোনো পৰিৱেশ নাছিল বুলিও মন্তব্য কৰে সমীৰ পালে ৷ বহু সাধনা আৰু ত্যাগৰ বিনিময়তহে বৰ্তমানৰ পৰ্যায়ত উপনীত হোৱা বুলি মন্তব্য কৰি কয় যে, দেশৰ হৈ এদিন খেলাৰ সপোন পুহি ৰাখিছিল আৰু এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰাৰ সময় সমাগত ৷ ইপিনে উঠি অহা প্ৰজন্মক সু-স্বাস্থ্যৰ অধিকাৰী হ'বৰ বাবে নিয়মিত ঘৰতে ব্যয়াম কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাই সমীৰ পালে ৷

মি: ইউনিভাৰ্ছলৈ নিৰ্বাচিত ধেমাজিৰ সমীৰ পাল

একালৰ শিষ্যগৰাকীয়ে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা বাবে ধেমাজি জিমন্যাষ্টিক ক্লাবৰ প্ৰশিক্ষক তথা পালৰ গুৰু ঘনকৃষ্ণ বৰগোঁহাইয়ে অভিনন্দন জ্ঞাপন কৰিছে । বহু ত্যাগ, সাধনা আৰু অৰ্থৰ বিনিময়তহে এজন সফল শৰীৰ চৰ্চাবিদ আৰ্বিভাৱ হয় বুলি মন্তব্য কৰে প্ৰশিকগৰাকীয়েও ।

ইতিমধ্যে আগন্তুক প্ৰতিযোগিতাত ধেমাজিৰ পৰা অসম তথা ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈ পৰা পালে বৰ্তমান নিজৰ 'ফ্লেক্সি জিমতেই' দৈনিক 6 ঘন্টাকৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক : 'বিৰাট কোহলী হ'ব বিচাৰে' ডেভিদ ৱাৰ্ণাৰৰ কন্যাই

Last Updated : Nov 12, 2019, 8:00 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details