অসম

assam

শ্বহীদ খগেশ্বৰ তালুকদাৰক সুঁৱৰিলে ধেমাজি জিলা ছাত্ৰ সন্থাই

By

Published : Dec 10, 2020, 5:38 PM IST

মৃত্যু দিনটোত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সোঁৱৰণ কৰে শ্বহীদ খগেশ্বৰ তালুকদাৰক ৷ এই উপলক্ষে ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ শ্বহীদ উদ্যানত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

sahid divash at dhemaji
শ্বহীদ খগেশ্বৰ তালুকদাক সোঁৱৰণ কৰিলে ধেমাজি জিলা ছাত্ৰ সন্থাই

ধেমাজি, 10 ডিচেম্বৰ: অসম আন্দোলনৰ প্ৰথম জন শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোত বৃহস্পতিবাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সোঁৱৰণ কৰে ৷ এই উপলক্ষে ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ শ্বহীদ উদ্যানত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ নেতৃত্বই ।

শ্বহীদ খগেশ্বৰ তালুকদাৰক সুঁৱৰিলে ধেমাজি জিলা ছাত্ৰ সন্থাই

আজি এই বিশেষ দিনটোত শ্বহীদ খগেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যৰ্পণ’ আৰু বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ সদস্য-সদস্যা সকলে ৷ এই অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই শ্বহীদ দিৱসৰ উপলক্ষে অসমৰ আন্দোলনৰ প্ৰথম জন শ্বহীদ খগেশ্বৰ তালুকদাৰৰ লগতে মুঠ ৮৬০ শ্বহীদক সন্মান জনাই ধেমাজি জিলা ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

ABOUT THE AUTHOR

...view details