অসম

assam

ETV Bharat / state

Beautiful view of Jonai: চিমেন চাপৰিত হাত বাউলি মাতিছে শাৰী শাৰী নাহৰে - Special village of Jonai

অতিকৈ শুৱনি জোনাইৰ এখন গাঁও । শাৰী শাৰী নাহৰ গছে আৱৰি ৰাখিছে গাঁওখনৰ বাট পথ (Row of Nahar Tree in Chimen Chapri )। নাহৰ গছৰ অপৰূপ শোভাই দৃষ্টি কাঢ়িছে সকলোৰে ।

Beautiful view of Jonai
জোনাইৰ এখন নাহৰে আৱৰা গাঁও

By

Published : Mar 12, 2023, 8:11 PM IST

চিমেন চাপৰিত হাত বাউলি মাতিছে শাৰী শাৰী নাহৰে

জোনাই ১২ মাৰ্চ:যান্ত্ৰিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশ ৷ ইয়াৰ মাজতেই আজিও পক্ষীৰ কলৰৱত সাৰ পাই উঠে এখন গাঁৱৰ বাসিন্দাসকল ৷ পুৱা-গধূলি চৰাইৰ মাতে মুখৰিত কৰে গাঁওখনৰ আকাশ বতাহ (Beautiful village of Jonai )। শাৰী শাৰী নাহৰ গছৰ অপৰূপ শোভাই আৱৰি ৰখা ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এখন বিশেষ গাঁৱখনত বিচাৰি পোৱা যায় অনাবিল আনন্দ ৷ গাঁওখনৰ ইমুৰৰ পৰা সিমুৰলৈ মূল পথটোৰ দুয়োকাষে কেৱল শাৰী শাৰী নাহৰ গছৰ অপৰূপ শোভা ৷

নাহৰ গছৰ নান্দনিক শোভাই এক অনন্য পৰিৱেশৰ সূচনা কৰা এই দৃশ্য ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ এখন গাঁৱৰ ৷ ৩ নং চিমেন চাপৰিৰ এই গাঁওৰ দৃশ্যই এতিয়া সকলোকে হাত বাউল দি মাতিছে (Beautiful scenery of Jonai) ৷ নাহৰৰ সেউজীয়া আচ্ছাদনে আৱৰি ৰখা অনন্য সুন্দৰ পথটো চাবলৈ ভিৰ কৰিছেহি অসংখ্যজনে ৷ কোনোৱে যদি ম'বাইলত আৱদ্ধ কৰিছে পথটোৰ সৌন্দৰ্য, কোনোৱে আকৌ শ্বুটিঙত ব্যৱহাৰ কৰিছে ইয়াৰ সৌন্দৰ্য ৷ মুঠতে গাঁওখনৰ লগতে পথটোৰ সৌন্দৰ্যই মুগ্ধ কৰিছে সকলোকে ৷

শাৰী শাৰী নাহৰৰ শোভাই জাতিষ্কাৰ এই পথচোৱা কিন্তু এদিনতে সৃষ্টি হোৱা নাই (Special village of Jonai)৷ ইয়াৰ আঁৰত আছে এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি তথা শিক্ষক যোগেন গগৈৰ দীৰ্ঘদিনীয়া শ্ৰম আৰু প্ৰচেষ্টা ৷ সঁচা অৰ্থত প্ৰকৃতিক সেউজীয়া কৰাৰ লক্ষ্যৰে ১৯৯৫-৯৬ চনতে যোগেন গগৈয়ে ৰোপণ কৰিছিল শাৰী শাৰীকৈ নাহৰ গছৰ পুলি ৷ পিছলৈ গাঁৱৰ সকলোৰে সহযোগত নাহৰ গছসমূহ ফলে-ফুলে জাতিষ্কাৰ হৈ এই ৰূপত সুশোভিত হৈ পৰিল ৷

এক কিলোমিটাৰৰো অধিক এই পথচোৱাত থকা শাৰী শাৰী নাহৰ গছসমূহ এতিয়া প্ৰতিপালন কৰে গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে ৷ জিলাখনৰ নিৰ্মল গাঁও হিচাপে ইতিমধ্যে স্বীকৃত ৩নং চিমেন চাপৰি গাঁৱৰ ৰাইজে পৰিৱেশ সংৰক্ষণৰ লগতে বিবিধ চৰাই চিৰিকটিকো আশ্ৰয় প্ৰদান কৰিছে ৷ গাঁওখনৰ কোনো লোকেই চৰাই চিৰিকটি নিধন নকৰে । পথৰ কাষৰ নাহৰ গছসমূহ জিলিকাই ৰাখিবৰ বাবে গাঁওবাসীয়ে নিজেই চূন তেল দিয়াৰ ক্ষেত্ৰত উদ্য়োগ লৈছে ৷ মুঠতে এক অন্যন্য সুন্দৰ পৰিৱেশৰ মাজত গাঁওবাসীয়ে নিদৰ্শন দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমৰ ৷

লগতে পঢ়ক:Tiger menace at Kaliabor : বাঘৰ ভয়ে খেদিছে কলিয়াবৰবাসীক; ৰাস্তাৰ কাষতেই বহি থাকে বনৰজা

ABOUT THE AUTHOR

...view details