ধেমাজি,১৮ জানুৱাৰী:বাস্তৱ ৰূপ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শই । বগীবিলৰ পাৰত মুকলি কৰা হ'ল বগীবিল ইক' ৰিজৰ্ট । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰিলে ৰিজৰ্টখন । চাৰি বছৰৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰেং চাপৰিত এনিশা কটাই ৩,২০০ বিঘা ভূমিত ৰিজৰ্টৰ প্ৰকল্প স্থাপনৰ পৰামৰ্শ দিয়াত TMPK সভাপতি তিলক দলেৰ নেতৃত্বত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত সজাই পৰাই মুখ্যমন্ত্ৰীৰ সপোনক বাস্তৱৰূপ প্ৰদান কৰা হ'ল ৷
চাৰি বছৰীয়া প্ৰস্তুতিৰ অন্তত মুকলি হোৱা ৰিজৰ্টখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত সজাই পৰাই তোলা হৈছে । থলুৱা খাদ্য, জনগোষ্ঠীয় সাজ-পোচাক, বিবিধ পৰম্পৰাগত বস্তুৰ বিপনী, গীত-নৃত্যৰ ব্যৱস্থাৰ পৰা শৃংগাৰ লৈকে কি নাই, সকলো ব্যৱস্থাই উপলব্ধ এই ৰিজৰ্টত । হৰ্ষোল্লাসৰ মাজত ৰিজৰ্টৰ দ্বাৰ উন্মোচন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যত শান্তি আৰু উন্নয়নে এক গতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি মন্তব্য কৰে ।