অসম

assam

ETV Bharat / state

এমাহ পূৰ্বে নিৰ্মাণ কৰিছিলহেঃ চাওক ধেমাজিৰ পথৰ অৱস্থা - ধেমাজি

এমাহৰ পিছতেই এনেদৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল । ইপিনে সদ্যনিৰ্মিত পথটোৰ ভেহপৰা গাঁৱৰ অতি বিধ্বস্ত অংশটো মেৰামতিৰ বাবে শেহতীয়াকৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে ।

ধেমাজিত সদ্যনিৰ্মিত পথৰ ওপৰত চলিল পুণৰ খনন

By

Published : May 21, 2019, 8:43 PM IST

ধেমাজি ,21মে': ধেমাজিৰ সদৰৰ পৰা অসামৰিক চিকিৎসালয়লৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈঘ্যৰ পথটোত নিৰ্মাণৰ এমাহৰ পিছতেই সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ । ফলত যাতায়তত অসুবিধা জনসাধাৰণৰ । স্মৰ্তব্য যে ৰাজ্য চৰকাৰৰ এছ অ পি ডি আঁচনিৰ 1.20 কোটি টকাৰ ব্যয় সাপেক্ষে ধেমাজিৰ পথ সংমণ্ডলৰ অধীনত বুদ্ধ কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা পথটোত আশ্চৰ্যজনকভাৱে এমাহৰ ভিতৰত শিল-বালিৰ মিশ্ৰণ এৰাই যোৱাৰ উপক্ৰম হৈছে । পথছোৱাত ইতিমধ্যে সৃষ্টি হৈছে গাঁতৰ ৷

ধেমাজিত সদ্যনিৰ্মিত পথৰ ওপৰত চলিল পুণৰ খনন

ৰাইডে পথ নিৰ্মাণকাৰী সংস্থাটোৱে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাজহুৱা অভিযোগ দি অহাৰ পাছতো কৰ্তৃপক্ষই তিলমানো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে । এমাহৰ পিছতেই এনেদৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল । ইপিনে সদ্যনিৰ্মিত পথটোৰ ভেহপৰা গাঁৱৰ অতি বিধ্বস্ত অংশটো মেৰামতিৰ বাবে শেহতীয়াকৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে । নিৰ্মাণৰ এমাহৰ পিছতেই পুনৰ পথটো নিৰ্মাণৰ বাবে পথটি খান্দি নিৰ্মাণৰ বাবে ঠিকাদাৰ কোম্পানীটোৱে হাতে-কামে লগা কাৰ্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

ABOUT THE AUTHOR

...view details