অসম

assam

ETV Bharat / state

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত দুজন, আহত এজন - ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত দুৰ্ঘটনা

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Jonai) ৷ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এডাল গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় (One injured in Road accident)

Road accident at Jonai two daid One injured
জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Sep 28, 2022, 9:42 AM IST

Updated : Sep 28, 2022, 10:18 AM IST

জোনাই, 28 ছেপ্টেম্বৰ: জোনাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Jonai) ৷ গালী গাঁৱৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মাজ নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটোত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় (One injured in Road accident) ৷ লগে লগে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ আহতজনক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা ব্যক্তি দুজন ক্ৰমে লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ আচ্ছল মহন্ত আৰু হৃদয়ৰঞ্জন দত্ত (Two died in Road accident) ৷

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত দুজন, আহত এজন

ইফালে দুৰ্ঘটনাটোত আহত ব্যক্তিজন হৈছে বিশ্বনাথ চাৰিআলিৰ লীলা ছেত্ৰী ৷ উল্লেখ যে, অসম চৰকাৰে নৱনিযুক্তি দিয়া শিক্ষকৰ পদত পুনৰ নিযুক্তি লাভ কৰিছিল আচ্ছল মহন্তই ৷ জোনাই মূৰ্কংচেলেক আদৰ্শ বিদ্যালয়ৰ পৰা বিদায় ল’বলৈ বুলি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় শিক্ষকজন ৷

লগতে পঢ়ক:শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

Last Updated : Sep 28, 2022, 10:18 AM IST

ABOUT THE AUTHOR

...view details