ধেমাজি, ১৩ জানুৱাৰীঃ ভোগৰ উৎসৱ আনন্দৰ প্ৰাকক্ষনত অঘটন ৷ সোমবাৰে বিয়লি ১ বজাত বগীবিল দলঙৰ সমীপত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত দুজন ৷ খবৰ অনুসৰি, AS-07-AC-6376 নম্বৰৰ লক্ষীমপুৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়া অভিমুখী তীব্ৰ বেগী আলট্ৰা বাছখনে মহতিয়াই নিয়ে বাইক আৰোহী সহ মটৰচাইকেল ৷ ফলত মটৰচাইকেলত অহা ঘনকান্ত দাও আৰু হিৰণ্য পেগু নামৰ যুৱক দুজন থিতাতে নিহত হয় ৷
বগীবিলত পথ দুৰ্ঘটনা, নিহত 2 - road accident at dhemaji, 2 died
ধেমাজিৰ বগীবিল দলঙৰ সমীপত পথ দুৰ্ঘটনা ৷ ডিব্ৰুগড়-তিনিচুকীয়া অভিমুখী তীব্ৰ বেগী আলট্ৰা বাছখনে মহতিয়াই নিয়ে ঘনকান্ত দাও আৰু হিৰণ্য পেগু নামৰ যুৱক দুজনক ৷

বগীবিলত পথ দুৰ্ঘটনা, নিহত 2
বগীবিলত পথ দুৰ্ঘটনা, নিহত 2
উল্লেখ্য যে, যুৱক দুজন বাইকেৰে স্থানীয় গাঁৱৰ পৰা উলাই আহিছিল ৷ বাইকেৰে ওলাই অহা সময়তে বাচখনে মটৰ চাইকেলখন মহতিয়াই বহুদুৰ লৈ চোচৰাই নিয়ে ৷ ফলত কৰুণভাৱে মৃত্যুক আকোৱালি লয় যুৱক দুজনে ৷
আৰু পঢ়কঃ যোৰহাটত থপিয়াই নিলে 4 লাখ, হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ