অসম

assam

ETV Bharat / state

Third Boro Peace Accord: তৃতীয় বড়ো শান্তি চুক্তি সন্দৰ্ভত জোনাইত পৰ্যালোচনা সভা - তৃতীয় বড়ো শান্তি চুক্তি

তৃতীয় বড়ো শান্তি চুক্তিৰ 5.2 দফাৰ ওপৰত বড়ো জাতীয় সংগঠনৰ জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা ৷ এই সভাতে বিটিএডিৰ বাহিৰৰ বড়ো গাঁওসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

Third Boro Peace Accord
তৃতীয় বড়ো শান্তি চুক্তি সন্দৰ্ভত পৰ্যালোচনা সভা

By

Published : Aug 21, 2023, 7:59 AM IST

জোনাই, 21 আগষ্ট :দেওবাৰে সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় কক্ষত আয়োজন কৰা হয় এখন সভা ৷ এই সভাতে ধেমাজি জিলাৰ কেবাটাও বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত তৃতীয় বড়ো শান্তি চুক্তিৰ 5.2 দফা সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ।

এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো আৰু ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰীৰ যৌথ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই এবছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই ।

সভাত অংশগ্ৰহণ কৰি ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে বিটিআৰ চুক্তিৰ 5.2 দফাৰ ওপৰত বক্তব্য দাঙি ধৰে ৷ তেওঁ কয়, ‘‘তৃতীয় বড়ো চুক্তিৰ 5.2 দফা অনুসৰি অসম চৰকাৰ, বিটিচি, বিকেডব্লিউএচিৰে এখন যৌথ উপদেষ্টা সমিতি গঠনৰ ব্যৱস্থা আছে ৷ এই সমিতিখনে বিটিএডিৰ বাহিৰত ৰৈ যোৱা গাঁওসমূহ চিনাক্ত কৰি উন্নয়নৰ বাবে প্ৰয়োজনীয় সহযোগ কৰিব আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব’’ ৷

তেওঁ আৰু কয়, ‘‘ইতিমধ্যে বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মক অধ্যক্ষ, অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিটিআৰ, বিকেডব্লিউএচিৰ প্ৰতিনিধিক লৈ গঠন কৰা হৈছে যৌথ উপদেষ্টা সমিতি ৷ এই সমিতিয়ে বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধিৰ অংশগ্ৰহণত যোৱা 8 আগষ্ট তাৰিখে গুৱাহাটীৰ অসম প্ৰশাসনীয় প্ৰদাধিকাৰী মহাবিদ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত কৰে’’ ৷

ইউবিপিঅৰ উপদেষ্টা গৰাকীয়ে কয়, ‘‘গুৱাহাটীৰ অসম প্ৰশাসনীয় প্ৰদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাতে বিটিএডিৰ বাহিৰৰ বড়ো গাঁওসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়া হয় ৷ সেই মতে আৰম্ভ কৰা হৈছে এই প্ৰক্ৰিয়া’’ ৷

এই সভাত উপস্থিত ৰাইজে কয় যে, তৃতীয় বড়ো শান্তি চুক্তি চমুকৈ বিটিআৰ চুক্তিৰ 5.2 দফা অনুসৰি বিটিএডিৰ বাহিৰৰ বড়ো গাঁওসমূহৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত বাট-পথ, বিদ্যালয়, মীন পালন, কৃষি, ৰেচম, খেলপথাৰ, বান নিয়ন্ত্ৰণ, খহনীয়া প্ৰতিৰোধ, সাংস্কৃতিক উন্নয়ন আদি ক্ষেত্ৰৰ উন্নয়নৰ আঁচনি প্ৰস্তুত কৰা হৈছে ৷ লগতে যৌথ উপদেষ্টা সমিতিলৈ প্ৰেৰণ কৰিবলৈয়ো ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

ই অতি আদৰণীয় পদক্ষেপ ৷ ইয়াৰ জৰিয়তে বিটিএডিৰ বাহিৰৰ বড়ো অধ্যূষিত অঞ্চলৰ উন্নয়ন সম্ভৱ হৈ উঠিব ৷ লগতে ধেমাজিৰ দৰে অতি পিছপৰা জিলাখনত বিভিন্ন জ্বলন্ত সমস্যা আছে আৰু ইয়াৰ সমাধানৰ বাবে সঠিকভাৱে আঁচনি প্ৰস্তুত কৰিবলৈ গুৰুত্ব আৰোপ কৰা হ’ব বুলি উক্ত সভাত আলোচনা কৰা হয় ।

এই পৰ্যালোচনা সভাত সাধাৰণ ইউবিপিঅ, এবছু, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদকে ধৰি কেবাটাও বড়ো জাতীয় সংগঠনৰ জিলা, আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Chandrayaan-3: 23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-3য়ে; দ্বিতীয় ডিবুষ্টিং সফলতাৰে সম্পন্ন

ABOUT THE AUTHOR

...view details