মৃত্যুৰে যুঁজিছে এজন নিৰ্ভীক সাংবাদিকে - মৃত্যুৰে যুঁজিছে জোনাইৰ অপূৰ্ব দাসে
দুয়োটা কিডনী বিকল হোৱাৰ পাছত আৰ্থিক আনাটনৰ বাবে মৃত্যুৰে যুঁজিছে জোনাইৰ অপূৰ্ব পেগুৱে ৷ পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস ব্যক্তিজনৰ এনে অৱস্থাত অমানিশা নামি আহিছে পৰিয়ালটোলৈও ৷

জোনাই , 22 চেপ্তেম্বৰঃ হাতত কেমেৰা লৈ প্ৰতিকূল বতৰকো নেঁওচি যিকোনো পৰিস্থিতিতে বাতৰি সংগ্ৰহ কৰা জোনাইৰ এজন নিৰ্ভীক সাংবাদিক এতিয়া নিজেই হৈ পৰিছে বাতৰি ৷ জোনাইৰ আগাম দলঙৰ নিবাসী তথা এটা ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক অপূৰ্ব পেগু নামৰ সাংবাদিকজনৰ দুয়োটা কিডনী কিছুদিন আগত বিকল হৈ পৰাৰ পাছত আৰ্থিক সংকটৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজি থাকিব লগা হৈছে সাংবাদিকজনে ৷ দুটা সন্তানৰ পিতৃ অপূৰ্ব পেগু পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস হোৱাত অমানিশা নামি আহিছে পৰিয়ালটোলৈও ৷ চিকিৎসকে তেখেতক প্ৰতিসপ্তাহতে দুবাৰকৈ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যাবলৈ পৰামৰ্শ দিছিল যদিও আৰ্থিক সমস্যাৰ বাবে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই সাংবাদিকজনে ৷ জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিজন ৰোগাক্ৰান্ত হৈ থকা খবৰে মৰ্মাহত কৰিছে জোনাইবাসীক ৷ সকলোৰে আহ্বান, নিৰ্ভীক সাংবাদিক গৰাকীৰ চিকিৎসাৰ দায়িত্ব লওঁক অসম চৰকাৰে ৷