ধেমাজী, 7আগষ্টঃ ধেমাজি জিলাত বানাক্ৰান্ত ৰাইজৰ কাষত এইবাৰ আম আদমী পাৰ্টিৰ কৰ্মকতা ৷ জীয়াঢলৰ বানে সৰ্ৱস্বান্ত কৰা ভজোৱা গাঁৱত আম আদমী পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সহযোগত বিতৰণ কৰে বান সাৰ্হায ৷
ধেমাজিত আম আদমী পাৰ্টিৰ উদ্যোগত বান সাহাৰ্য বিতৰণ - ছাত্ৰ যুৱ সংগ্ৰাম সমিতি
আম আদমী পাটিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰে ৷
ধেমাজিত আম আদমী পাৰ্টিৰ উদ্যোগত বান সাহাৰ্য বিতৰণ
ভজোগাঁৱৰ লগতে পাভমাৰী , শালমাৰী , ৰংপুৰীয়া চুক আদি গাঁৱৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত মিঠাতেল , দালি , বিস্কুট , ছয়াবিন আদিকে ধৰি আঠ বিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ।
ইপিনে সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকতা সকলে দীৰ্ঘ দিনধৰি চৰকাৰে জীয়াঢ়ল নদীত উপযুক্ত মথাউৰি নিৰ্মাণ কৰি বান সমস্যাৰ সমাধান কৰিব নোৱাৰা বাবে আক্ষেপ প্ৰকাশ কৰে ৷ লগতে অতিশ্ৰীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দি সমস্যাৰ সামাধান কৰিবলৈ দাবী উত্থাপন কৰে ৷