ধেমাজি,৩০ মে': ৰাজ্যত দীঘলীয়া আংশিক লক ডাউনে ক্ষতি কৰিছে সমাজৰ একাংশ খাটি খোৱা লোকক ৷ সেয়ে এনে লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে মানৱ দৰদী লোক অথবা স্বেচ্ছাসেৱী সংগঠনসমূহ ৷ এনে এক মহান উদ্দেশ্যৰে শনিবাৰে ধেমাজিৰ বাটঘৰীয়াৰ ভেৰেকীচুক গাঁৱত আংশিক লক ডাউনৰ ফলত বিপাঙত পৰা ৬৫ টা পৰিয়ালক খাদ্য সমাগ্ৰী বিতৰণ কৰা হয় ।
ধেমাজিৰ বাটঘৰীয়াত মানৱ দৰদী লোকৰ সাহায্য বিতৰণ - আৰ্তজনক মানৱ দৰদী লোকৰ সাহাৰ্য বিতৰণ
ধেমাজি বাটঘৰীয়াত আৰ্তজনক মানৱ দৰদী লোকৰ সাহায্য বিতৰণ । স্থানীয় সামাজকৰ্মী লোহিত সোণোৱাল আৰু বীৰেন সোণোৱালৰ যৌথ প্ৰচেষ্টাত আৰু ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেৰ সহযোগত এই সাহায্য বিতৰণ কৰা হয় ।
ধেমাজিৰ বাটঘৰীয়াত মানৱ দৰদী লোকৰ সাহাৰ্য বিতৰণ
স্থানীয় সমাজকৰ্মী লোহিত সোণোৱাল আৰু বীৰেন সোণোৱালৰ যৌথ প্ৰচেষ্টাত আৰু ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেৰ সহযোগত চাউল, দালি ,আলু, নিমখ, চাবোন আদি সামগ্ৰী বিতৰণ কৰা হয় ।
লগতে পঢ়ক: জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ