ধেমাজি, ২০ জুনঃ ধেমাজি জিলাৰ বন বিভাগত চলিছে অৰাজকতা,আৰু অবাধ লুন্ঠন যাৰ কাৰণে সৌ সিদিনা ধেমাজিৰ পূৱৰ বন বিষয়া তথা মহৎ চন্দ্ৰ তালুকদাৰক ধনৰ সৈতে হাতে লোটে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰা খবৰ মাৰ নৌযাওতেই ৷ বৃহস্পতিবাৰে পুনৰ জোনাইৰ ফকৰুল ইছলাম নামৰ ৰেঞ্জাগৰাকীক কাঠ ব্যৱসায়ীৰ জব্দকৃত ট্ৰাক এৰি দিয়াৰ বাবদ ৫৫ হেজাৰ উৎকোচ লোৱাৰ অৱস্থাত ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই জিলাখনত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে ৷ বিভাগটোত সংঘটিত হৈ থকা অবাধ দুৰ্নীতি অৰাজকতাক লৈ সচেতন মহল আৰু দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
ধেমাজি বন বিভাগত ব্যাপক অৰাজকতাৰ অভিযোগ - দুৰ্নীতি নিবাৰক শাখা
ধেমাজি জিলাৰ বন বিভাগত ৰ্দীঘ দিনৰ পৰাই দুৰ্নীতি আৰু বনজ সম্পদৰ অবাধ লুন্ঠন চলি অহাৰ অভিযোগ উঠিছে ৷ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক শাস্তিৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷
এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ধেমাজি বন বিভাগত সংঘটি হৈ থকা অবাধ দুৰ্নীতি এয়া এক উৎকৃষ্ট প্ৰমাণ ৷ মহৎ চন্দ্ৰ তালুকদাৰ দিনৰে পৰা এতিয়াও চলি আছে বিভাগটোত চৰম অৰাজকতা ৷ বিভিন্ন সময়ত এই বিষয়ে সংগঠনৰ ফালৰ পৰা প্ৰতিবাদ কৰি দৃষ্টি আৰ্কষণ কৰা হৈছিল ৷ জিলাখনৰ চিমেন নদীৰ বনজ সম্পদ সমূহ বন মাফিয়াৰ সৈতে মিলিত হৈ লুন্ঠন চলাই থকাৰ সম্পৰ্কত ধেমাজি জিলা উপায়ুক্তকো লিখিত ভাৱে জনাইছিল সংগঠনটোৱে ৷ বিভাগটোৰে চলাই অহা এনে নিকৃষ্ট কাৰ্য দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিল সেয়েহে সংগঠনটোৱে দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ গৰাকী গ্ৰেপ্তাৰ কৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাক আদৰণি জনাইছে ৷ লগতে ধেমাজি বন সংমণ্ডলৰ বন বিষয়া তথা অন্যান্য বন বিষয়া কৰ্মী দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণিত হলে উচিত শাস্তি দিবিলৈ অসম চৰকাৰ দাবী জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷
লগতে চাওকঃ যোৰহাটৰ 1নং সোণাৰী গাঁও কন্টেইনমেন্ট জ'ন ঘোষণা !