অসম

assam

ETV Bharat / state

Rashtriya Ekta Diwas 2023: বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন ৰাষ্ট্ৰীয় একতা দিৱস - Rashtriya Ekta Diwas obserrved at Jonai

আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ ধেমাজি জিলাৰ সানজাৰি নৌগৌৰত বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন ৰাষ্ট্ৰীয় একতা দিৱস ৷

Rashtriya Ekta Diwas 2023
বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন ৰাষ্ট্ৰীয় একতা দিৱস

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:11 PM IST

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন ৰাষ্ট্ৰীয় একতা দিৱস

জোনাই, 31 অক্টোবৰ :আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাইৰ বিভিন্ন অঞ্চলতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিন উপলক্ষে ধেমাজিৰ সানজাৰি নৌগৌৰত বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷

ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানটো পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচীৰে শুভাৰম্ভ হয় ৷ উক্ত কাৰ্যসূচীৰ ফ্লেগ অফ কৰে বি কে ডব্লিউ এ চিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে । আনহাতে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটাপ্ৰাপ্ত বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই ।

উক্ত অনুষ্ঠানৰ পাচতে ৰাষ্ট্ৰীয় একতা দিৱস বিষয়ত ৰচনা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বি কে ডব্লিউ এ চিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে । ইয়াৰ পিচত ৰাষ্ট্ৰীয় একতা দিৱসৰ ওপৰত জ্যেষ্ঠ নাগৰিক আৰু ছাত্র-ছাত্ৰীসকলৰ বক্তব্য অনুষ্ঠানৰ উদ্ধোধন কৰে বি কে ডব্লিউ এ চিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ' নাৰ্জাৰীয়ে ।

দেশৰ অখণ্ডতা, সংহতি আৰু একতাৰ বাবে পেটেলে যি আদৰ্শৰে কাম কৰি গ’ল সেই মহান নেতাগৰাকীয়ে দেখুৱাই যোৱা আদৰ্শকে নতুন প্ৰজন্মই অনুকৰণ কৰিব লাগে বুলি ভাষণৰ প্ৰসংগত কয় বি কে ডব্লিউ এ চিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰে । অনুষ্ঠানত অতিথি হিচাপে ইউ বি পি অৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ সম্পাদক বডোছা ব্ৰহ্মই বল্লভ ভাই পেটেলৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷

লগতে পঢ়ক:Massive fire breaks out in Dhemaji: ধেমাজি চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড, কোটি টকাৰ সামগ্ৰী ভস্মীভূত

ABOUT THE AUTHOR

...view details