অসম

assam

ETV Bharat / state

জীয়াঢলৰ গতি সলনি কৰিব বিধায়ক ৰণোজ পেগুৱে ! - Flood

ধেমাজিত জীয়াঢলৰ বুকুত বাঁহ পুতি গতি-পথ সলনিৰ চেষ্টা । ধেমাজি নগৰলৈও তীব্ৰ ভাবুকি । একঁকাল পানীত নামি শ্ৰমিকৰ সৈতে হাতে-কামে লাগিলে স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু ৷

বিধায়ক ৰণোজ পেগুৱে ভেটিব জীয়াঢল !

By

Published : Aug 16, 2019, 9:28 PM IST

Updated : Aug 16, 2019, 10:55 PM IST

ধেমাজি, 16 আগষ্ট: অৱশেষত জীয়াঢলৰ কোবাল সোঁতক নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ল ভলুকা বাঁহ । এতিয়া বাঁহেৰেই নদীখনৰ গতিপথ সলনি কৰাৰ বাবে স্থানীয় ৰাইজৰ সহযোগত তাৎক্ষণিক পদক্ষেপ লৈছে স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগুয়ে ৷ ধেমাজিৰ চকুলো খ্যাত জীয়াঢলৰ তিনিঘৰীয়া কেকুৰি অঞ্চলৰ উজনিৰ বিশেষ অংশত গতিপথ সলনি কৰাৰ বাবে প্ৰয়াস ৷ ইয়াৰ বাবে বিধায়ক গৰাকীয়ে ব‌ৃহস্পতিবাৰে কেইবা কিলোমিটাৰ জীয়াঢল নদীৰ এককাল পানীৰ সুতি পাৰ হৈ উজনিৰ নিদিষ্ট স্থানত উপস্থিত হৈ অধ্যয়ন কৰে নদী খনৰ গতি-বিধি । নদীৰ সুতি নিয়ন্ত্ৰণৰ বাহঁ পুতা কামতো শ্ৰমিকসকলক সহযোগ কৰে বিধায়ক গৰাকীয়ে ৷

বিধায়ক ৰণোজ পেগুৱে ভেটিব জীয়াঢল !

ইতিমধ্যে জীয়াঢল নদীৰ পুৰণা সুঁতিটোৰ সন্ধান পাবলৈ সক্ষম হৈছে আৰু এনেদৰে বিগত কেইবাদিন ধৰি নদীখনত বাহঁ সংস্থাপনে গঢ়ি তোলা সুৰক্ষা ব্যৱস্থাই জীয়াঢলৰ এটা সুঁতিৰ গতিপথ সলনি কৰাত পঞ্চাশ শতাংশ সফলতা লাভ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে স্থানীয় বিধায়ক গৰাকীয়ে কয় যে, নদীখনৰ উজনিৰ ঠেক অংশত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবে দহ বছৰ ধৰি এটা সুতিত বৈ থকা নাই জীয়াঢল ৷ আৰু এনেদৰে নদীখনে গতিপথ সলনি কৰি থকাৰ বাবে ধেমাজি নগৰখনলৈও কঢ়িয়াইছে তীব্ৰ ভাবুকি ৷ সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত সময়ত যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষাকালত যিকোনো মুহূৰ্ততে ধেমাজি নগৰত বানে বিভীষিকা সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এনে প্ৰচেষ্টা কেৱল চমক নে সুদূৰপ্ৰসাৰী সেয়াহে হ'ব লক্ষ্যণীয় ৷

Last Updated : Aug 16, 2019, 10:55 PM IST

ABOUT THE AUTHOR

...view details