ৰজনীকান্ত পাতিৰ সোঁৱৰণী মেধাবৃত্তি জোনাই,৩ জুলাই:মিছিং জনগোষ্ঠীৰ অন্যতম গোত্ৰ পাঃতৃৰ অপৃণ কৌবাঙৰ উদ্যোগত মিছামৰা দঃলুং কৌবাঙৰ সহযোগত ৰজনীকান্ত পাতিৰ সোঁৱৰণী মেধাবৃতি প্ৰাপক ছাত্র-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয় । ডেকাপাম মিছামৰাস্থিত কে কে পাতিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানটোৰ পুৱা ৮ বজাত স্বচ্ছতা অভিযানৰ পাছত পুৱা ৮-৩০ বজাত গছপুলি ৰোপণ কৰে পাঃতৃৰ অপৃণ কৌবাঙৰ উপদেষ্টা লক্ষীকান্ত পাতিৰে । পুৱা ৯ বজাত পতাকা উত্তোলন কৰে পাঃতৃৰ অপৃণ কৌবাঙৰ সভাপতি দেৱজিৎ পাতিৰে । তদুপৰি পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰে অধ্যক্ষ গোপীৰাম দলেয়ে ।
পুৱা ১০ বজাৰ পৰা পাঃতৃৰ অপৃণ কৌবাঙৰ সভাপতি দেৱজিৎ পাতিৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । এই অনুষ্ঠানত নীট,জে ই ই পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু বেনাৰস বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ১১ গৰাকী ছাত্র-ছাত্ৰীক পাঃতৃৰ অপৃণ কৌবাঙৰ তত্বাৱধানত প্ৰয়াত আই এ এছ ৰজনীকান্ত পাতিৰ সোঁৱৰণী মেধাবৃতি জলপানি হিচাপে দহ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।
আনহাতে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জোনাই মহকুমাৰ ভিতৰত পাঃতৃৰ অপৃণৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ আঠগৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আঠ গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ পদ্মেশ্বৰ দলেয়ে কয় যে বিশ্বায়নৰ যুগত এতিয়া নিজকে উচ্চ শিখৰত আৰোহণ কৰিবলৈ সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক চিন্তা চেতনাৰে আগবাঢ়িব লাগিব । তেওঁ নিজকে সৰ্বস্ব ত্যাগ কৰি অতি পৰিশ্ৰম আৰু সততাৰে অধ্যয়ন কৰিব লাগিব বুলি উনুকিয়াই ভৱিষ্যতে এগৰাকী সফল আৰু আদৰ্শৱান ব্যক্তি হিচাপে গঢ় দি পৰিয়াল, অঞ্চল, জাতি তথা দেশৰ গৌৰৱ কঢ়িয়াই আনিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব বুলি কয় ।
পাঃতৃৰ অপৃণ কৌবাঙৰ সাধাৰণ সম্পাদক অজয় কুমাৰ পাতিৰে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কে কে পাতিৰ হাইস্কুলৰ প্ৰধান শিক্ষক সদানন্দ পেগুয়ে কয় যে গুণগত মানৰ শিক্ষা গ্ৰহণ কৰিলেহে প্ৰকৃত শিক্ষা লাভ কৰিব পাৰি । উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কৃতি শিক্ষকৰ বঁটা প্ৰাপক তৰুণ চন্দ্ৰ পাতিৰে কয় যে নিষ্ঠা,একাগ্ৰতা আৰু আত্মবিশ্বাসী হ'লেহে সঠিক লক্ষ্যত উপনীত হ'ব পাৰি । সভাখনত ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক তথা ৰজনীকান্ত পাতিৰ সোঁৱৰণী মেধাবৃতি জলপানি দাতা পৰিয়ালৰ সদস্য ৰেৱত পাতিৰে কয় যে পাঃতৃৰ অপৃণৰ মেধাবী ছাত্র-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণত অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ লক্ষ্যৰে কিছু আৰ্থিক সকাহ পাবলৈ ৰজনীকান্ত পাতিৰ সোঁৱৰণী মেধাবৃতি জলপানি প্ৰদান কৰা হৈছে ।
আমন্ত্ৰিত অতিথি হিচাপে জনস্বাস্ব্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা দেৱজিৎ পাতিৰ, ভাৰতীয় ষ্টেট বেংকৰ জোনাই শাখাৰ উপ শাখা প্ৰৱন্ধক দ্বীপজ্যোতি পাতিৰ, অধিবক্তা নিকুঞ্জ পাতিৰ, পাঃতৃৰ অপৃণ কৌবাঙৰ উপদেষ্টা টেপৰাম পাতিৰ, ভৱ দলে, নৱ কুমাৰ পাতিৰ, উপ সভাপতি নৰেশ পাতিৰ, দয়ানন্দ পাতিৰ,অভ্যৰ্থনা সমিতিৰ সভাপতি অচিন পাতিৰ,সম্পাদক বলবীৰ পাতিৰ, পাঃতৃৰ অপৃণ কৌবাঙৰ মিছামৰা দঃলুং কৌবাঙৰ উপদেষ্টা ৰামপ্ৰসাদ পাতিৰ,বানীকান্ত পাতিৰ, মিলেশ্বৰ পাতিৰ, সভাপতি বিশ্বকৰ পাতিৰ, সাধাৰণ সম্পাদক ৰংমং পাতিৰ আদি উপস্থিত থাকে ।লগতে পঢ়ক:Cricketer Uma Chetry: ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ; ভাৰতীয় জাতীয় দলত স্থান লাভ ক্ৰিকেটাৰ উমা চেত্ৰীৰ