ধেমাজি, 8 জুন : ধেমাজিৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰৰ এগৰাকী চিকিৎসক তথা তত্বাবধায়কক ৰাজহুৱাকৈ অপমান কৰাৰ লগতে থু নিক্ষেপ কৰা এগৰাকী ব্যক্তিক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে ।
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ তত্বাবধায়ক চিকিৎসক ডা:নবীন কলিতাক ৰাজহুৱা স্থানত প্ৰকাশ বনিয়া নামৰ এজন লোকে কোৱাৰাইণ্টাইন কেন্দ্ৰৰ পৰা কৰ'ণা আনিছে বুলি তাচ্ছিল্য কৰা লগতে তেওঁক লক্ষ্য কৰি থু নিক্ষেপ কৰছিল । এই ঘটনাৰ পাচতে ডাক্তৰজনে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ধেমাজি আৰক্ষীয়ে গোচৰ নম্বৰ ২২৭/২০২০,ধাৰা ৩৪১/২৬৯/২৭০/৩৫৩ৰ অধীনত সোমবাৰে লোকজনক গ্ৰেপ্তাৰ কৰে ।