জোনাই, 19 ছেপ্তেম্বৰ: বিগত 5 মাহ ধৰি বিচ্ছিন্ন অৱস্থাত আছে জোনাইৰ প্ৰায় 16 খন গাঁও । এবুকু পানীৰে পাৰা-পাৰ কৰিছে গাঁওবাসীয়ে ৷
উল্লেখ্য যে, বিগত বানত বেৰাচাপৰিৰ পৰা জোনাই সদৰ সংযোগী একমাত্ৰ গড়কাপ্তানি পথটো চিয়াং নৈৰ প্ৰৱল বানে ছিঙি নিয়াৰ ফলত গাঁওবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
জোনাইত বানে ছিঙি নিয়া গড়কাপ্তানি পথক লৈ হাহাকাৰ কণ কণ শিশুক কোলাত তুলি ৰাস্তা পাৰ কৰিব লগা হৈছে অভিভাৱক সকলে । বাইক চালকে এজনৰ সহায়ত কোনোমতে ঠেলি একঁকাল পানী পাৰ কৰিবলগীয়া হৈছে। কোনোবাই কান্ধত চাইকেল লৈ পাৰ হৈছে এই পথছোৱা।
সমান্তৰালভাৱে বৰ্তমানো মথাউৰিত আশ্ৰয় লৈ দিন কটাই আছে বানাক্ৰান্ত ৰাইজ ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক:শিল্পীয়ে ৰাজনীতিত যোগ দিলেও সংস্কৃতিক জগতত প্ৰভাৱ নপৰে