জোনাই , 16 নৱেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ সময়ত জোনাইত গ্ৰাম্য পথ নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ৷ ধেমাজি জিলাৰ জোনাইত চকলা চকল কৈ এৰাইছে দুদিন পূৰ্বে লগোৱা ব্লেকটেপিং ৷ প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনা ধেমাজি গ্ৰাম্য পথ সংমণ্ডলৰ চিলাপথাৰৰ অধীনত 2017/2018 বৰ্ষৰ ০৪.১৫৪ এ. এছ. পেকেজ নং 15,09,935 টকাৰে পকী কৰিবলৈ অহা পথত ঠিকাদাৰৰ দুৰ্নীতি আৰু মইমতালিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, জোনাই সমষ্টিৰ অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলমৰ পৰা চাহ বাগান সংযোগী 2.762 কিলোমিটাৰ দৈঘ্যৰ পথটো শুভ উদ্বোধন কৰিছিল জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷ বিভাগীয় বিষয়া অভিযন্তা সকলৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ পুৰণা জেলম গাঁৱৰ ৰাইজৰ৷ পথটো নিৰ্মাণত হোৱা অসংখ্য অনিয়মৰ সন্দৰ্ভত পুৰণা জেলম গাঁৱৰ ৰাইজে শনিবাৰে জোনাইৰ মহকুমাধিপতিৰ ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰে |
জোনাইৰ গ্ৰাম্য পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ - জোনাই গ্ৰাম্য পথ নিৰ্মাণ
৷ উল্লেখ্য যে, জোনাই সমষ্টিৰ অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলমৰ পৰা চাহ বাগান সংযোগী 2.762 কিলোমিটাৰ দৈঘ্যৰ পথটো শুভ উদ্বোধন কৰিছিল জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷ বিভাগীয় বিষয়া অভিযন্তা সকলৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ পুৰণা জেলম গাঁৱৰ ৰাইজৰ৷
জোনাইৰ গ্ৰাম্য পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ