অসম

assam

ETV Bharat / state

ধেমাজিত ভূমি অধিগ্ৰহণত অনিয়মৰ অভিযোগ; লোক নিৰ্মাণ বিভাগৰ দুই অভিযন্তা গ্ৰেপ্তাৰ - Dhemaji Asam Mala Road land scam update

ধেমাজি জিলাত অসম মালা আঁচনিৰ অধীনত সংঘটিত হৈছে ২৪৬ কোটি টকাৰ অনিয়ম । মাছখোৱা চাৰিআলিৰ কিছু সংখ্যক লোকৰ বাঁহৰ ঘৰটোক এমহলীয়া ঘৰ হিচাপে দেখুৱাই ক্ষতিপূৰণ আদায়ৰ ঘটনাত জড়িত আছে দুই অভিযুক্ত (Engineers arrested in Dhemaji) ।

Irregularities in Assam Mala scheme in Dhemaji
ধেমাজি জিলাত অসম মালা আঁচনিত অনিয়ম

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 4:35 PM IST

Updated : Dec 16, 2023, 4:49 PM IST

ধেমাজি জিলাত অসম মালা আঁচনিত অনিয়ম

ধেমাজি, ১৬ ডিচেম্বৰ :ধেমাজিত অসম মালা আচঁনিৰ ভূমি অধিগ্ৰহণ ক্ষয়ক্ষতিৰ কেলেংকাৰীত অভিযুক্ত দুই লোক নিৰ্মাণ বিভাগৰ (গৃহ নিৰ্মাণ) অভিযন্তাক গ্ৰেপ্তাৰ । অসম মালা আচঁনিত ভূমি অধিগ্ৰহণৰ ক্ষয়-ক্ষতি দিয়াৰ নামত কেলেংকাৰী জড়িত হোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'ল দুই সহকাৰী অভিযন্তা । অসম মালা পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণ কৰাৰ পিছত ক্ষতিপূৰণ প্ৰদান কৰাৰ নামত অতিৰিক্তভাৱে ধন প্ৰদান কৰি ৰাজকোষৰ ধন অপব্যবহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ দুই সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলে আৰু লৱৰাম সোণোৱাল ৷ আজি এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাই ৷

উল্লেখ্য যে ধেমাজি তেলিজানৰ পৰা মাছখোৱা হৈ ঢকুৱাখনালৈ ২৪৪ কোটি টকা ধাৰ্য কৰি নিৰ্মাণ হৈ থকা পথটোত ভূমি মূল্য় নিৰ্ধাৰণ কৰাৰ নামত লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ দুই সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলে আৰু লৱৰাম সোণোৱালে মাছখোৱাৰ কেইবাগৰাকীও ভূমিৰ গৰাকীক অতিৰিক্তভাৱে ধন উলিয়াই দিছিল ।

সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলে আৰু লৱৰাম সোণোৱালে ব্যাপক বিসংগতিৰ মাজেৰে লাখ লাখ টকাৰ অতিৰিক্ত ধন মোকলাই দিয়াৰ বিসংগতি ধৰা পৰে আৰ টি আইৰ তথ্যত ৷ মাছখোৱাৰ দুজন সচেতন যুৱকৰ অভিযোগৰ ভিত্তিত ধেমাজি সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ us 120 b 420/406/409 ৰ ধাৰাৰ অধীনত ১৪৯/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলে আৰু লৱৰাম সোণোৱালক।

ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাই এই বিষয়ে উল্লেখ কৰি দুয়োজন বিষয়াকে সোধা পোচা চলাই থকা বুলি উল্ল্খ কৰিছে । এই গোচৰত আন কেইবাজনো লোকক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কয় ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷ উল্লেখ্য় যে ধেমাজিত অসম মালা আঁচনিৰ অধীনত ২৪৬ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ঢকুৱাখনা পৰা মাছখোৱা হৈ ধেমাজি -তেলিজান পথৰ মাটি অধিগ্ৰহণ, ক্ষয়-ক্ষতিৰ নামত বৃহৎ কেলেংকাৰীত সাঙোৰ খোৱা দুই সহকাৰী অভিযন্তাক কালি আৰক্ষীয়ে আটক কৰি মাৰাথন তালাচী চলায় ।

লগতে পঢ়ক:ভূমি অধিগ্ৰহণ কেলেংকাৰীত আটক ২ সহকাৰী অভিযন্তা

Last Updated : Dec 16, 2023, 4:49 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details