জোনাই, 14 জুলাই :জোনাইৰ এটা ব্যস্ত পথৰ বিধস্ত ৰূপ ৷ পথ নে পথাৰ ধৰিব নোৱাৰা অৱস্থা ৷ উল্লেখ্য যে, কোনো ভিতৰুৱা গ্ৰাম্য অঞ্চল নহয়, বিভাগীয় হেমাহি আৰু গুৰুত্বহীনতাৰ বাবে জোনাই সদৰৰ মাজমজিয়াত অৱস্থিত এটি ব্যস্ত পথে গ্ৰহণ কৰিছে বিধস্ত ৰূপ ৷ জোনাই সদৰৰ পৰা বিভিন্ন অঞ্চলৰ প্ৰায় 30 খনৰো অধিক গাঁওক সংযোগ কৰিছে এই পথটোৱে ৷ তৎসত্বেও নাজল-নাথল অৱস্থা জোনাই বজাৰৰ পৰা জোনাই মহকুমা স্বাস্থ্য কেন্দ্ৰলৈ সংযোগী ব্যস্ত পথছোৱা ৷
উল্লেখ কৰা প্ৰয়োজন যে, জোনাই মহকুমাৰ মুৰব্বী মহকুমাধিপতিগৰাকীৰ আৱাসগৃহ এই পথটোতে অৱস্থিত হোৱাৰ বাবে বিধ্বস্ত পথটোৰ ওপৰেদি দৈনিক দুই-চাৰিবাৰকৈ অহা-যোৱা কৰে মহকুমাধিপতিগৰাকীয়ে ৷ তথাপিও আজি পৰ্যন্ত পথটো মেৰামতিৰ বাবে কোনো পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই বুলি স্থানীয় লোকে উল্লেখ কৰে ৷ অকল মহকুমাধিপতিয়েই নহয়, মহকুমা স্বাস্থ্য বিষয়া, লোক নিৰ্মাণ বিভাগৰ আৰু গৃহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যবাহী অভিযন্তা-বিষয়া আদিয়ে দৈনিক এই বিধ্বস্ত পথেৰে চলাচল কৰে যদিও আজিলৈকে কোনোৱে ব্যস্ত পথচোৱা উন্নত কৰাৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি কয় ভুক্তভোগী লোকে ৷ উল্লেখ্য যে, বিধ্বস্ত পথটোৰে 30-40 খনৰো অধিক গাঁৱৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে ৰোগী, শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে জোনাই সদৰৰ সৈতে যোগাযোগ ৷