ধেমাজি, 20 আগষ্ট :শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল ঘিলামৰা আৰক্ষী থানা ৷ প্ৰতিকূল বতৰকো নেওচি হাতে হাতে প্লে কাৰ্ড লৈ আমাক ন্যায় লাগে, হত্যাকাৰীক ফাঁচী দিয়ক, ঘোচ খালে নচলিব আদি শ্ল’গানেৰে অতুল শইকীয়াৰ পৰিয়ালক ন্যায় দিয়াৰ দাবীত শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ইপিনে প্ৰতিবাদস্থলীত উপস্থিত হৈ লখিপুৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰতিবাদী ৰাইজক বুজনি দিয়াতহে শাম কাটে পৰিস্থিতি ৷
বিৱৰণি অনুসৰি, বিগত 15 আগষ্ট দিনা 28 বছৰীয়া পুত্ৰ অতুল শইকীয়াক ধেমাজিৰ ঐতিহাসিক হাবুং ক্ষেত্ৰত খানা খাবলৈ নিমন্ত্ৰণ জনাইছিল মাছখোৱা বৰহোলাৰ দিগন্ত কোঁচ, মাছখোৱা বিলতীয়া গাঁৱৰ হোমেন শইকীয়া আৰু যোৰকটা খলিহামাৰীৰ নিপু সন্দিকৈয়ে ৷ তাৰ পাচতে এই তিনিজন যুৱকৰ সৈতে অতুল শইকীয়াই হাবুং ক্ষেত্ৰত খানা খায় ৷
কিন্তু নিশা বহু পৰলৈকে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেমাজি জিলা সীমান্ত মাছখোৱা গোৱালদৈ বাটমাৰী গাঁৱৰ দ্ৰোণ শইকীয়াৰ পুত্ৰ অতুল শইকীয়া ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷ 15 আগষ্টৰ দিনাই নিশাৰ ভাগত অতুল শইকীয়াক ঘৰৰ পৰা প্ৰায় 1 কিঃমিঃ দূৰত্বত অতি গুৰুতৰ অৱস্থাত পেলাই থৈ যোৱা হয় ৷