অসম

assam

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা

By

Published : Oct 12, 2019, 6:16 PM IST

Updated : Oct 12, 2019, 8:55 PM IST

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা প্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আৰোগ্য কামনাৰে চিমেন চাপৰিত বড়ো জাতীয় সংগঠনৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয় । সম্প্ৰতি চিলিগুৰীৰ মলয় হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম ।

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ অৱনতি, আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা

জোনাই, ১২ অক্টোবৰঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য একাডেমী বঁটা প্ৰাপক, বিশিষ্ট শিক্ষাবিদ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে চিমেন চাপৰি এছবি বড়ো হাইস্কুল খেলপথাৰত বড়ো জাতীয় সংগঠনসমূহৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয় ।

বিশিষ্ট লেখক, সাহিত্যিক গৰাকী উচ্চ ৰক্তচাপজনিত কাৰনত ২৯ ছেপ্টেম্বৰত চিলিগুৰীৰ মলয় হাস্পতাল আৰু ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় | সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা ব্ৰহ্মৰ আশুআৰোগ্য কামনাৰে অনুষ্ঠিত কৰা হয় সমূহীয়া প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ । ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাংকৰ নাৰ্জাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত ইউবিপিঅৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে বিশিষ্ট সাহিত্যিক গৰাকীৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত চমু বক্তব্য ৰাখে |

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্বাস্থ্যৰ অৱনতি, আৰোগ্য কামনাৰে বড়ো জাতীয় সংগঠনৰ সমূহীয়া প্ৰাৰ্থনা

উল্লেখ্য যে, কোকৰাঝাৰৰ বনৰগাওঁ বড়ো হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই । তাৰোপৰি বড়ো সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতি আছিল ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম । কবিতা পুথি " অক্ৰাং গংছে নাংগৗ" আং ফৈ ফিংগৗন" চান মৗখাঙৰী বিবাৰ জানানৈ," বিবাৰ গাওদাং আৰু গদ্যপুথি ৰাইথামালা, থুনলাই আৰু চানশ্ৰী, ৰাইথাইহালা, খুনথাই বাইদি বাইদি, থুনলাই আৰু থুনলাই, নৗজৗৰ আৰু চানশ্ৰী ৰচনা কৰে ব্ৰহ্মই | ইতিমধ্যে তেখেতৰ কবিতা বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে | 'বাইদি দেংখৗ বাইদি' কবিতা পুথিৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে সাহিত্যিক গৰাকীয়ে |

Last Updated : Oct 12, 2019, 8:55 PM IST

ABOUT THE AUTHOR

...view details