জোনাই,২০ মে':শুকুৰবাৰে ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ (Democratic Civil Protection Forum) মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা । গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱালে ।
তেওঁ কয় যে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাংবিধানিক নীতি অনুসৰি কাৰ্যনিবাহক সমিতিৰ কাৰ্যকাল তিনিবছৰীয়া । সেয়ে বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলি যোৱাৰ হেতুকে নতুন সমিতি গঠন কৰিবলৈ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে (13th Annual Plenary Session) ।
লগতে তেওঁ আগন্তুক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা আৰু অধিৱেশন উপলক্ষে স্মৰণিকা প্ৰকাশৰ আলোচনা কৰাৰ উদ্দেশ্য আগত ৰাখি এই সভাৰ আয়োজন কৰা হৈছে বুলি বক্তব্য আগবঢ়ায় । সভাত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় যে পিছপৰা, অনুন্নত আৰু অনগ্ৰসৰ অঞ্চলৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ বাবে অৰাজনৈতিক, গণতান্ত্ৰিক আৰু উমৈহতীয়া সংগঠনৰ অতীব প্ৰয়োজন (Public meeting of Democratic Civil Protection Forum in Jonai) ।