জোনাই,২৮ ডিচেম্বৰ :গাইনৈৰ নামনিত মথাউৰি সম্প্ৰসাৰণৰ নামত বেঁকাকৈ আসোৱাহপূৰ্ণ আৰু মাত্ৰ এটা পাৰত মথাউৰি নিৰ্মাণৰ প্ৰস্তুতিত অসন্তুষ্টি প্ৰকাশ নৈপৰীয়া ৰাইজ । দুয়োপাৰে পোন আৰু পৰিকল্পিতভাৱে কেৰেকনিত মথাউৰি নিৰ্মাণৰ দাবীত ৰাজহুৱা সভা অনুষ্ঠিত কৰে নৈপৰীয়া ৰাইজে । ধেমাজিৰ অন্যতম চকুলো স্বৰূপ গাইনৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ বান সমস্যা স্থায়ী সমাধান কৰাৰ দাবী চিচি কেৰেকনি নৈপৰীয়া ৰাইজৰ ।
ধেমাজি গোহাঁই গাঁও পঞ্চায়ত, মৰিঢল আৰু চিচিবৰগাঁও গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈ গাই নৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ দাবীত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । উল্লেখ্য যে গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে বিগত চাৰিটা দশক ধৰি প্ৰতি বাৰিষাত গাই নৈৰ ধাৰাবাহিক বানত অঞ্চলটোৰ ৰাইজে দিক বিদিক হেৰুৱাবলগীয়া হৈছে ।
গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে প্ৰতি বাৰিষাত গাইনৈৰ বাঢ়নী পানীয়ে যেনি-তেনি গতি কৰা ফলত নামনি অংশত প্ৰতি বছৰে বিস্তাৰ ক্ষতি কৰি আহিছে । স্থানীয় ৰাইজৰ অনুৰোধ, দাবী, আন্দোলনৰ ফলত শেহতীয়াকৈ চৰকাৰে গাইনৈৰ নামনি অংশৰ বাওঁ দিশৰ মথাউৰিটো নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে যদিও মথাউৰিটো বেঁকা কৰি নিৰ্মাণ কৰিবলৈ লোৱা ফলত কিছু বিসংগতি হ'ব বুলি অনুমান কৰা হৈছে ।