অসম

assam

ETV Bharat / state

MAC campus at Jonai: মিচিং স্বায়ত্তশাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণৰ বিৰুদ্ধে চিমেন চাপৰিত ৰাজহুৱা সভা - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বুধবাৰে চিমেন চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় এক ৰজহুৱা সভা ৷ চৰকাৰী ভূমিত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰোধীতাৰে অনুষ্ঠিত হয় উক্ত সভা ৷

MAC campus at Jona
মিচিং স্বায়ত্ব শাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণৰ বিৰুদ্ধে চিমেন চাপৰিত ৰাজহুৱা সভা

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:59 AM IST

মিচিং স্বায়ত্ব শাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণৰ বিৰুদ্ধে চিমেন চাপৰিত ৰাজহুৱা সভা

জোনাই, 14 জোনাই :চিমেন চাপৰিৰ ৰাজহুৱা ভূমিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ চৌহদৰ বেৰ নিৰ্মাণৰ বিৰুদ্ধে ৰাজহুৱা সভা ৷ বুধবাৰে চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে ।

উল্লেখ্য যে চিমেন চাপৰিৰ চৰকাৰী ৰাজহুৱা ভূমিত অবৈধভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ আনিছিল ৰাইজে ৷ সেয়ে বুধবাৰে সেই নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰি ৰাজহুসভাখন আয়োজন কৰা হয় । উক্ত সভাত চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত থকা চৰকাৰী ভূমিত চৰকাৰী চিকিৎসালয়, উন্নয়ন খণ্ড কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আদি ৰাজহুৱা অনুষ্ঠান নিৰ্মাণৰ বাবে উক্ত ভূমিখণ্ড আৱন্টন দিবলৈ আৱেদন কৰি আহিছে ৰাইজে ৷

কিন্তু উক্ত ভূমিত ময়মতালিৰে মিচিং স্বায়ত্তশাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণৰ অভিযোগ তুলিছে ৰাইজে ৷ ইফালে চিমেন চাপৰি গাঁও পঞ্চায়ত কৰ্মীচাৰীৰ মাজত থকা মতভেদ সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় ৰাইজে ৷

সভাত সমাজকৰ্মী ৰুদ্ৰ দৈমাৰী, অপৰাধমুক্ত সমন্বয় সমিতিৰ সভাপতি প্ৰৱণ কুমাৰ সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তোলন ফুকন, চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰী, চিমেন চাপৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সুৰজিৎ নাৰ্জাৰী, অপৰাধমুক্ত সমন্বয় সমিতিৰ সম্পাদক ৰজনী সন্দিকৈ, সমাজকৰ্মী গোবিন গগৈ, আটাছু, আছু, ছাত্র মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া, স্থানীয় বহু সংখ্যক সমাজকৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :Awareness Program at Silapathar: এসপ্তাহৰ ভিতৰত গাঁও এৰক ড্ৰাগছ সেৱন আৰু সৰবৰাহকাৰীয়ে, ৰাইজৰ সাৱধানবাণী

ABOUT THE AUTHOR

...view details