অসম

assam

By

Published : Jul 7, 2023, 5:50 PM IST

ETV Bharat / state

Assam Constituency Delimitation: সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিৰোধিতাৰে ৰাজহুৱা সভা

ধেমাজি জিলাৰ প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবী । মিচিং জনগোষ্ঠীক সংখ্যালঘু কৰাৰ চক্ৰান্ত চলোৱাৰ অভিযোগ মিচিং সুৰক্ষা মঞ্চৰ । ইয়াৰ বিৰুদ্ধে ধেমাজি জিলাৰ কুলাজানত মিচিং সুৰক্ষা মঞ্চই অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা ।

Public meeting against reservation-freeing of constituency in Dhemaji
সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিৰোধিতাৰে ৰাজহুৱা সভা

সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিৰোধিতাৰে ৰাজহুৱা সভা

জোনাই,৭ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ ৰাজ্যজুৰি অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া । ৰাজনৈতিক দলৰ লগতে অন্যান্য দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাাদ । এইবাৰ ধেমাজি জিলাৰ তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত কৰাত জাঙুৰ খাই উঠিছে মিচিং সুৰক্ষা মঞ্চ ।

ভাৰতীয় নিৰ্বাচন আয়োগে অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাত প্ৰকাশ কৰা ধেমাজি জিলাৰ তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণ কৰিবলৈ দাবী জনাইছে মিচিং সুৰক্ষা মঞ্চই । চৰকাৰে প্ৰস্তাৱিত চিচি বৰগাঁও সমষ্টি সংৰক্ষণমুক্ত কৰা বিষয়টোকলৈ জাঙুৰ খাই উঠিছে জনজাতীয় সংগঠন আৰু অনুষ্ঠান ।

লক্ষণীয় যে, বৃহস্পতিবাৰে কুলাজানৰ অপৃন কৌবাঙৰ কাৰ্যালয়ত বিভিন্ন অনুষ্ঠান-সংগঠনকলৈ গঠিত মিচিং সুৰক্ষা মঞ্চৰ উদ্যোগত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সমাজকৰ্মী কমলা দলেয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই আহ্বায়ক পৱিত্ৰ পেগুয়ে । সভাই প্ৰস্তাৱিত সমষ্টিটো সংৰক্ষণমুক্ত কৰি সংখ্যাগুৰু মিচিং জনগোষ্ঠীকহে ওলোটাই সংখ্যালঘু কৰাৰ চক্ৰান্ত কৰিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

চিচিবৰগাঁও ৰাজহ চক্ৰৰ গাতে লাগি থকা কুলাজান, উজনি চিচি টঙানি আৰু নামনি চিচি টঙানি আদি মিচিং অধ্যুষিত বিশাল অঞ্চলক একাষৰীয়া ৰাখি বৰদলনি, মাছখোৱা, জয়ৰামপুৰৰ দৰে প্ৰায় ৫০ কিলো মিটাৰ নিলগৰ অজনজাতিৰ এলেকা অন্তভূৰ্ক্ত কৰিছে । কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে ষড়যন্ত্ৰৰে জনজাতি অধ্যুষিত সমষ্টিটো সংৰক্ষণমুক্ত কৰিছে ।

তদুপৰি এটা সমষ্টি গঠনৰ পূৰ্বে সংশ্লিষ্ট সমষ্টিবাসীৰ মতামত ল'ব লাগে যদিও সেইটো সম্পূৰ্ণ আওকান কৰিছে । প্ৰভাৱশালী ৰাজনীতিকৰ শ্ৰুতলিপি মতে সমষ্টি সংৰক্ষণমুক্ত কৰা বিষয়টো কোনোদিন মানি নলয় বুলি অভিযোগ উত্থাপন কৰে সভাই । জনজাতীয়ক চক্ৰান্তমূলকভাৱে আঁতৰাই ৰাখি কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ লক্ষ্যৰে সমষ্টি সংৰক্ষণমুক্ত কৰা বিষয়টো কোনোপধ্যে মানি লোৱা নহ'ব বুলি সভাই সকিয়াই দি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দেশৰ নিৰ্বাচনী আয়োগলৈ প্ৰেৰণৰ বাবে গ্ৰহণ কৰে ।

লগতে পঢ়ক:AASU Protest in Rangia: ৰঙিয়াত আছুৰ সহযোগত ৰাইজৰ চৰকাৰৰ বিৰোধী প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details