অসম

assam

By

Published : Dec 22, 2022, 2:18 PM IST

Updated : Dec 22, 2022, 4:12 PM IST

ETV Bharat / state

Dimow picnic spot : ডিমৌ নদীৰ পাৰলৈ সহস্ৰাধিক বনভোজ যাত্ৰীৰ আগমন

চৰকাৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিলে অধিক প্ৰচাৰ লাভ কৰিব ডিমৌৰ বনভোজস্থলীয়ে (Dimow picnic spot)। পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হোৱাৰ উপৰিও ৰাজহ সংগ্ৰহৰ বাট মুকলি হ'ব চৰকাৰৰ । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমৌৰ বনভোজস্থলীৰ পৰা বিভিন্নজনৰ আহ্বান চৰকাৰলৈ ।

Dimow picnic spot
ডিমৌ নদীৰ পাৰলৈ সহস্ৰাধিক বনভোজ যাত্ৰীৰ আগমন

ডিমৌ নদীৰ পাৰলৈ সহস্ৰাধিক বনভোজ যাত্ৰীৰ আগমন

জোনাই,২২ ডিচেম্বৰ :ধেমাজি জিলাৰ ডিমৌ নদীৰ বনভোজস্থলীলৈ আগমন ঘটিছে অগণন বনভোজ দলৰ (Public gathering at picnic spot in Dimow)। বনভোজৰ যাত্ৰী আৰু ক্ষেত্ৰ অধ্যয়নৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে ভৰিছে ডিমৌৰ উক্ত বনভোজস্থলী । ডিমৌৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ মনমোহা দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে উজনি অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিদিনে শ শ বনভোজ দলৰ আগমন হোৱা দেখা গৈছে । যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰি পৰিয়াল আৰু সমনীয়াৰ সৈতে প্ৰকৃতিৰ মাজত আনন্দৰে এসাঁজ খাইজে বিভিন্নজনে ।

অৰুণাচল প্ৰদেশৰ পৰা পাহাৰৰ মাজেৰে বৈ অহা ডিমৌ নদীৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি এক কথাত আপ্লুত হৈ পৰিছে বনভোজলৈ অহা যাত্ৰীসকল । ক্ষেত্ৰ অধ্যয়নৰ বাবে অহা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলেও নদ-নদী,পাহাৰ, শিল, গছ-গছনি, গৰাখহনীয়া, প্ৰাকৃতিক ভাৰসাম্যতা আদি বিষয়ৰ সম্যক জ্ঞান আহৰণ কৰিবলৈ প্ৰচুৰ উৎস থকা ডিমৌ নদীলৈ আহি অনেক ভৌগোলিক জ্ঞান আহৰণ কৰিছে (Picnic spot in Dhemaji)।

ধেমাজি জিলাখনৰ চিলাপথাৰ, জোনাই, গোগামুখ, চিমেন চাপৰি আদি অঞ্চলৰ লগতে উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, চাবুৱা, লখিমপুৰ, মৰাণ আদি অঞ্চলৰ পৰাও ডিমৌ নদীৰ বনভোজস্থলীলৈ আগমন ঘটিছে বহু লোকৰ । ইফালে ডিমৌ নদীৰ বনভোজস্থলী পৰিষ্কাৰ কৰি ৰখাৰ বাবে অৰুণাচল প্ৰদেশৰ এখন পৰিচালনা সমিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । অৱশ্যে তাৰ বিনিময়ত বনভোজ দলসমূহৰ পৰা সামান্য পৰিমাণৰ বৰঙণিও সংগ্ৰহ কৰিছে সমিতিখনে ।

বৃহস্পতিবাৰৰ দিনটোতো ডিমৌত বহু কেইখন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে বনভোজৰ বাবে ডিমৌলৈ অহা দেখা গৈছে । ইফালে ডিমৌ বনভোজস্থলী হৈছে প্ৰচুৰ সম্ভাৱনা থকা এক পৰ্যটনথলী । কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে হয়টো আজিলৈ যিধৰণে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব লাগিছিল সেই ধৰণে ডিমৌ বনভোজস্থলীয়ে প্ৰচাৰ লাভ কৰা নাই । প্ৰতিগৰাকী বনভোজৰ যাত্ৰীয়ে উক্ত বনভোজস্থলীৰ প্ৰশংসা কৰা দেখা গৈছে ।

ৰাইজে আশা কৰা মতে ডিমৌৰ বনভোজস্থলী পৰিষ্কাৰ কৰি ৰখাকে ধৰি পৰ্যটকৰ আকৰ্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলে হয়টো উজনি অসমৰে নহয় সমগ্ৰ অসমৰে পৰ্যটক আৰু বনভোজৰ দলৰ আগমন হ'ব উক্ত বনভোজস্থলীলৈ (Govt steps for development of Dimow picnic spots)। এই ক্ষেত্ৰত অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰকো বিশেষ আহ্বান জনাইছে স্থানীয় লোক আৰু বনভোজৰ যাত্ৰীসকলে । ৰাইজে আশা কৰা মতে ডিমৌ নদীৰ বনভোজস্থলীক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আঁচনি প্ৰস্তুত কৰিলে নিশ্চিতভাৱে দেশী-বিদেশী পৰ্যটকৰো আগমন ঘটিব আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহৰো পথ মুকলি হ'ব ।

লগতে পঢ়ক :Damaged dumper on Highway: জোনাই সংযোগী ঘাইপথত বিকল ডাম্পাৰ আঁতৰোৱা নাই প্ৰশাসনে

Last Updated : Dec 22, 2022, 4:12 PM IST

ABOUT THE AUTHOR

...view details