জোনাই,২০ ছেপ্টেম্বৰ :ৰাজ্যত নিযুক্তি কেলেংকাৰীক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে ঘোষণা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022)। ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।
পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ লগতে পৰিয়ালৰ মাজতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইফালে বহু দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীয়েও পৰীক্ষাত উত্তীৰ্ণ হৈছে । যাৰ বাবে সেই পৰিয়ালবোৰত যথেষ্ট আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বাকী জিলাবোৰৰ লগতে ধেমাজিৰো কেইবাখনো গাঁৱৰ পৰা যুৱক-যুৱতী এই SI পৰীক্ষাত উত্তীৰ্ণ হৈছে ।
জোনাইৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে গৌৰৱান্বিত হৈছে অঞ্চলৰ ৰাইজ (Jonai youth passed SI exam)। বৈকুন্ঠপুৰৰ ৰেষ্ট কেম্প গাঁৱৰ ঘনকান্ত কুলি আৰু ৰাকুট ককে গাঁৱৰ মিনু পাচুঙে অসম আৰক্ষীৰ SI পদত নিযুক্তি লাভ কৰি পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ।