অসম

assam

ETV Bharat / state

জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ - জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ

বন্ধত পুৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাইৰ ৰাজপথ ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহন আদিয়ো ৷ জোনাইৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে

জোনাই
জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ

By

Published : Dec 12, 2019, 10:21 PM IST

জোনাই ১২ ডিচেম্বৰঃ ৰাজ্যসভাত কেব গৃহীত কৰাৰ পিচতে অসম অৰুণাচল সীমান্ত জোনাইত অধিক তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ বুধবাৰে ৰাজ্য সভাত কেব গৃহীত কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ জোনাইবাসীয়ে স্বতঃফূৰ্তভাৱে বন্ধ পালন কৰিছে ৷ বন্ধত পুৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাইৰ ৰাজপথ ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহন আদিয়ো ৷ জোনাইৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে অসম অৰুণাচল সীমান্তৰ ৰুকচিন চেক গেটত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷

জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details