জোনাই, 22 জুলাই: ইফালে প্ৰচণ্ড গৰম, আনফালে বিদ্যুৎ বিভাগৰ ল'ৰা ধেমালি ৷ অনিয়মীয়া বিদ্যুৎ কৰ্তনে জ্বলা কলা দেখুৱাইছে জোনাইবাসীক ৷ ঘন্টাৰ পিছত ঘন্টা ধৰি সঘন বিদ্যুৎ কর্তনে ৰাইজক যমৰ যাতনা ভোগাইছে (Irregular power supply at jonai)৷ জোনাই মহকুমাৰ অন্তৰ্গত বিদ্যুৎ বিভাগৰ 132 33 KV Power Grid Sub Station নথকাৰ ফলত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ আহিছে ৷ ইয়াৰ উপৰিও জোনাই উপ-সংমণ্ডল বিদ্যুৎ বিভাগৰ 33KV-11KV আৰু LT Line কাৰিকৰী দিশত চোৱা চিতাৰ ব্যৱস্থাৰ প্ৰতি বিষয়া কৰ্মচাৰীসকলে কৰি অহা চূড়ান্ত অৱহেলাৰ বাবে অঞ্চলবাসীয়ে নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ প্ৰতিদিনে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷
বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰায়ে বিদ্যুৎ বিভাগক অভিযোগ দাখিল কৰি আহিছে যদিও কোনো সুফল পোৱা নাই ৷ শুকুৰবাৰে সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগ আৰু গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ সহযোগত জোনাইস্থিত আছুৰ স্বহীদ বেদীৰ পৰা বৃহৎ সমদল উলিয়াই ৷ প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে (AASU protest against irregular power supply) ৷
উত্তাল প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, বিদ্যুতৰ লুকা-ভাকু বন্ধ কৰক, নিজাববীয়াকৈ বিল বনোৱা বন্ধ কৰক আদি ধ্বনিৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে অনতিপলমে অনিয়মীয়া বিদ্যুৎ যোগান বন্ধ কৰি ৰাইজক এই সমস্যাৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা আগন্তুক দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ প্ৰতিবাদকাৰীসকলে ৷