ধেমাজি, 13 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে পুনৰ ৰাজ্যৰ ভিন্ন প্ৰান্ত উত্তাল কৰি তুলিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰে ধেমাজিত ধেমাজি জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক বিশাল 'কা' বিৰোধী প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে ৷ ধেমাজি তিনিআলিস্থিত শ্বহীদ উদ্যানৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে ধেমাজিৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে ধেমাজি চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে শাসনাধিষ্ঠিত চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী তথা একালৰ ছাত্ৰ সন্থাৰ কৰ্মী সৰ্বানন্দ সোণোৱালক জাতিৰ কলংকিত নায়ক বুলি আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷